কাইলৈ ঘোষণা হ’ব মেট্ৰিকৰ চূড়ান্ত ফলাফল


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কাইলৈ অৰ্থাৎ ১৫ মে’ তাৰিখ বুধবাৰে ঘোষণা হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, পুৱা ৯ বজাৰ লগে লগেই ৰাজ্যজুৰি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছাৰ চূড়ান্ত ফলাফলসমূহ। অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ১৩টা ৱেবচাইটৰ লগতে নিজৰ অফিচিয়েল এপ্লিকেশ্যনযোগে ফলাফল ঘোষণাৰ ব্যৱস্থা কৰা বুলি ইতিমধ্যে ছেবাৰ তৰফৰ পৰা সকলোকে জানিবলৈ দিছে আৰু পুৱা ৯ বজাৰ লগে লগেই এই ৱেবচাইটকেইটাৰ লগতে এপ্লিকেশ্যনটোত ফলাফলসমূহ উপলব্ধ হ’ব। অভিভাৱক তথা শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিবলগীয়া ৱেবচাইটকেইটা এনেধৰণৰ-

results.sebaonline.org
resultsassam.nic.in
www.examresults.net
www.examresults.net/assam/
www.indiaresults.com
exametc.com
iresults.net
yesresult.com
www.result.shiksha
www.assam.shiksha
www.assamonline.in
assamjobalerts.com

assamresult.in

    BSNL ব্যৱহাৰকাৰীসকলে SMS যোগেও ফলাফল লাভ কৰিব পাৰিব। SMS যোগেদি ফলাফল লাভ কৰিবলৈ তেওঁলোকে seba19 লিখাৰ পাছত SPACE দি roll no লিখি 57766 লৈ প্ৰেৰণ কৰিব লাগিব। কাইলৈ ঘোষণা হ’বলগীয়া ফলাফলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বমুঠ ৩,৩৬,২০৩ পৰীক্ষাৰ্থীৰ লগতে হাই মাদ্ৰাছাৰ ৯,১২৭ গৰাকী পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ফলাফল ঘোষণাৰ পাছতেই পুৱা ১১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানসমূহৰ পৰা মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট সংগ্ৰহ কৰিব পাৰিব।  মন কৰিবলগীয়া কথা যে, শেহতীয়াকৈ দেশজুৰি অনুষ্ঠিত হৈ থকা সপ্তদশ লোকসভা নিৰ্বাচনৰ অহা ২৩ মে’ তাৰিখে ঘোষণা হ’বলগীয়া নিৰ্বাচনী ফলাফলৰ প্ৰাকমুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব নে নাই সেই সম্পৰ্কে বিভিন্ন আলোচনা-বিলোচনা অব্যাহত আছিল যদিও অৱশেষত ১৫ মে’ তাৰিখেই ফলাফল ঘোষণা কৰা হ’ব ছেবাৰ তৰফৰ পৰা জানিবলৈ দিয়ে। এইখিনিতে উল্লেখনীয় যে, ছাত্ৰ-ছাত্ৰীসকলে অহা ১৭ মে’ ৰ পৰা ৩১ মে’ তাৰিখলৈকে অনলাইন পৰ্টেল sebaonline.org যোগে উত্তৰবহী পুণৰীক্ষণৰ লগতে উত্তৰবহীৰ ফটোকপিৰ বাবে আৱেদন কৰিব পাৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে ছেবাৰ তৰফৰ পৰা জানিবলৈ দিছে।

Previous চিকিম বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰীক যৌন নিৰ্যাতন; গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপকৰ বিৰুদ্ধে এই অভিযোগ
Next অৱশেষত সকলো উৎকন্ঠাৰ অন্ত পৰিল; ৰাজ্যজুৰি ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *