চিকিম বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰীক যৌন নিৰ্যাতন; গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপকৰ বিৰুদ্ধে এই অভিযোগ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কিছুদিন পূৰ্বে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা #ME TOO এইবাৰ দেখা গ’ল চিকিম বিশ্ববিদ্যালয়ত। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক শিলাজিৎ গুহৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত অসমৰ এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  এই অভিযোগৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক তদন্ত আৰম্ভ কৰিছে আৰু আভ্যন্তৰীণ অভিযোগ গ্ৰহণকাৰী কমিটিৰ পৰামৰ্শ অনুসৰি কৰ্তৃপক্ষই অধ্যাপকগৰাকীক মুৰব্বী পদৰ পৰা নিলম্বিত কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, পূৰ্বতে অসম বিশ্ববিদ্যালয়তো এক বিতৰ্কিত কাৰ্য সংঘটিত কৰি নিলম্বিত হোৱা শিলাজিৎ গুহ বৰ্তমান কোনো অচিনাক্ত ঠাইত আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে।

Previous নগাঁও কলেজৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান
Next কাইলৈ ঘোষণা হ’ব মেট্ৰিকৰ চূড়ান্ত ফলাফল

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *