অৱশেষত সকলো উৎকন্ঠাৰ অন্ত পৰিল; ৰাজ্যজুৰি ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৫ মে’, ২০১৯ঃ- বহু উৎকন্ঠাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। বুধবাৰে পুৱা ৯ বজাৰ লগে লগে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত অনুষ্ঠিত হোৱা ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যজুৰি অৱতীৰ্ণ  হোৱা সৰ্বমুঠ ৩,৩৬,২০৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২,০২,৫০৮ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১,৩৩,৬৯৫ গৰাকী ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হয়। উত্তীৰ্ণ হোৱা ছাত্ৰী-ছাত্ৰীসকলৰ ভিতৰত প্ৰথম বিভাগত ৪৮,৫৯৯ গৰাকী, দ্বিতীয় বিভাগত ৭১,০২০ গৰাকী আৰু তৃতীয় বিভাগত ৮২,৮৮৯গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণসকলৰ ভিতৰত ৩৯ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থান কৰিবলৈ সক্ষম হয়। ইফালে হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৯,১২৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫,৩১০ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। উত্তীৰ্ণসকলৰ ভিতৰত ৬০০ গৰাকীয়ে প্ৰথম বিভাগ, ২,১০২ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৬০৮ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। মন কৰিবলগীয়া কথা যে, ৬০.২৩% উত্তীৰ্ণৰ হাৰেৰে বিগত দুটা বৰ্ষৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে। যদি জিলাভিত্তিক উত্তীৰ্ণৰ হাৰলৈ লক্ষ্য কৰা যায় তেন্তে দেখা যাব ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৩.২৮% উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলা প্ৰথম স্থানত থকাৰ বিপৰীতে ৭০.২৮% উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই দ্বিতীয় স্থান আৰু ৭০.০৮% উত্তীৰ্ণৰ হাৰেৰে নলবাৰী জিলা তৃতীয় স্থানত আছে। আনহাতে, যদি হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফললৈ লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে, এইবাৰ হাই মাদ্ৰাছা পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৫৮.১৮%। ইয়াৰে জিলাভিত্তিক উত্তীৰ্ণৰ হাৰত ৮১.০১% উত্তীৰ্ণৰ হাৰেৰে বাক্সা জিলা প্ৰথম স্থানত থকাৰ বিপৰীতে ৭১.১১% উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই দ্বিতীয় স্থান আৰু ৬৫.৯৬% উত্তীৰ্ণৰ হাৰেৰে নলবাৰী জিলা তৃতীয় স্থানত আছে। এইবাৰৰ ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৩৯ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ ১০টা স্থান দখল কৰিছে। শীৰ্ষ দহটা স্থান দখল কৰা শিক্ষাৰ্থীসকল হ’ল-

প্ৰথম স্থানঃ
মেঘাশ্ৰী বৰা, শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰ
মুঠ নম্বৰ- ৫৯৪

দ্বিতীয় স্থানঃ
১. চিন্ময় হাজৰিকা, ডন বক্স হাইস্কুল, বাঘচুং (যোৰহাট)
মুঠ নম্বৰ- ৫৯৩
২. প্ৰত্যাশা মেধি, চেইন্ট মেৰীজ হাইস্কুল, গুৱাহাটী
মুঠ নম্বৰ- ৫৯৩

তৃতীয় স্থানঃ
১. আফৰিন আহমেদ, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৯১
২. অনুশ্ৰী বায়ন, চেইন্ট মেৰীজ এইছ. এছ. স্কুল, গুৱাহাটী
মুঠ নম্বৰ- ৫৯১

চতুৰ্থ স্থানঃ
সৃষ্টি শইকীয়া, চেইন্ট মেৰীজ এইছ এছ স্কুল, গুৱাহাটী
মুঠ নম্বৰ- ৫৯০

পঞ্চম স্থানঃ
১. ফাল্গুনী শৰ্মা, চেইন্ট জনছ হায়াৰ চেকণ্ডাৰী স্কুল, বাক্সা
মুঠ নম্বৰ- ৫৮৯
২. লৱজ্যোতি দাস, ডন বস্ক’ এইছ এছ স্কুল, বৈৰাগীমঠ (ডিব্ৰুগড়)
মুঠ নম্বৰ- ৫৮৯
৩. উপাশা মুদৈ, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট
মুঠ নম্বৰ- ৫৮৯
৪. তুছিফ তামানা ৰহমান, চেন্ট মেৰীজ হাইস্কুল, লক্ষিমপুৰ
মুঠ নম্বৰ- ৫৮৯
৫. প্ৰিয়ংকা কলিতা, অসম জাতীয় বিদ্যালয়, নুনমাটি, (গুৱাহাটী)
মুঠ নম্বৰ- ৫৮৯

৬ষ্ঠ স্থানঃ
১. ৰাজশ্ৰী পাঠক, বৰপেটা চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়, বৰপেটা
মুঠ নম্বৰ- ৫৮৮
২. অভিপ্সা দাস, বৰপেটা চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়, বৰপেটা
মুঠ নম্বৰ- ৫৮৮
৩. চাৰমিন হাছনাৎ, কেন্দ্ৰীয় বালিকা হাইস্কুল, গোৱালপাৰা
মুঠ নম্বৰ- ৫৮৮
৪. অনুৰাগ বৰ্মন, উদয়ন শান্তি নিকেতন, বেজেৰা (কামৰূপ গ্ৰাম্য)
মুঠ নম্বৰ- ৫৮৮

৫. প্ৰিয়ম কাশ্যপ, পায়নিয়াৰ একাডেমী, (কামৰূপ গ্ৰাম্য)
মুঠ নম্বৰ- ৫৮৮

সপ্তম স্থানঃ
১. অজয় বৰগোহাঁই, চেইন্ট মেৰীজ হাইস্কুল, উত্তৰ লক্ষিমপুৰ
মুঠ নম্বৰ- ৫৮৭
২. দ্বীপজ্যোতি শৰ্মা, চেইন্ট মেৰীজ হাইস্কুল, উত্তৰ লক্ষিমপুৰ
মুঠ নম্বৰ- ৫৮৭
৩. অংকুৰ ৰাজ কাশ্যপ, পুৰণিগুদাম আৰ কে বি এইছ এছ স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৭
৪. নিকিতা কলিতা, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী
মুঠ নম্বৰ- ৫৮৭

অষ্টম স্থানঃ
১. ইভান কাশ্যপ কলিতা, চেইন্ট জনছ হায়াৰ চেকণ্ডাৰী স্কুল, বাক্সা
মুঠ নম্বৰ- ৫৮৬
২. বৰষা ডেকা, আগদলা চাৰিআলি হাইস্কুল, কামৰূপ গ্ৰাম্য
মুঠ নম্বৰ- ৫৮৬
৩. নিশিতা খাটনিয়াৰ, বেবেজিয়া পিকে এইছ এছ স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৬
৪. ইশাণ ভূঞা, নগাঁও চৰকাৰী ল’ৰা উচ্চতম মাধ্যমিক বিদ্যালয়, নগাঁও
মুঠ নম্বৰ- ৫৮৬
৫. দ্বীপ শইকীয়া, ননৈ উচ্চতম মাধ্যমিক বিদ্যালয়, নগাঁও
মুঠ নম্বৰ- ৫৮৬
৬. দেৱশ্ৰী শইকীয়া, গৌৰীসাগৰ এইছ এছ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট, শিৱসাগৰ
মুঠ নম্বৰ- ৫৮৬

নৱম স্থানঃ
১. হীৰক জ্যোতি চৌধুৰী, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বৰপেটা
মুঠ নম্বৰ- ৫৮৫
২. জেফৰিণ আৰা আহমেদ, হেপী চাইল্ড ইংলিছ স্কুল, চিপাঝাৰ (দৰং)
মুঠ নম্বৰ- ৫৮৫
৩. ইফৰাণ হক, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৫
৪. দ্বীপ শেখৰ কলিতা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু
মুঠ নম্বৰ- ৫৮৫
৫. অৰ্চিতা দুৱৰা, চেইন্ট যছেফ হাইস্কুল, মৰাণহাট
মুঠ নম্বৰ- ৫৮৫

দশম স্থানঃ
১.উদ্দিপ্ত কলিতা, উত্তৰ বজালী হাইস্কুল, বৰপেটা
মুঠ নম্বৰ- ৫৮৩
২. অনিবাৰ্ণ দত্ত, বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড়
মুঠ নম্বৰ- ৫৮৩
৩. অচ্যুৎ কুমাৰ চেতিয়া, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট
মুঠ নম্বৰ- ৫৮৩
৪, মণীষা মালাকৰ, শংকৰদেৱ বিদ্যা নিকেতন, হাজো
মুঠ নম্বৰ- ৫৮৩
৫. বিতোপন কলিতা, অৰুণোদয় ই. এম. হাইস্কুল, কামৰূপ
মুঠ নম্বৰ- ৫৮৩
৬. চাগনিক বনিক, ডনবস্ক’ হাইস্কুল, হোজাই (নগাঁও)
মুঠ নম্বৰ- ৫৮৩
৭. মিন্টু গায়ন, পুৰণিগুদাম আৰ কে বি এইছ এছ স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৩
৮. দ্বীপজ্যোতি শৰ্মা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী।

আনহাতে, হাই মাদ্ৰাছা পৰীক্ষাত প্ৰথম ৩টা স্থান দখল কৰা শিক্ষাৰ্থীসকল হ’লঃ-

প্ৰথম স্থানঃ
ছেলিম আহমেদ, ৰাখালডুবি হাই মাদ্ৰাছা, গোৱালপাৰা
মুঠ নম্বৰ-৫৬১

দ্বিতীয় স্থানঃ
আব্দুল আজিজ, পিপিৰাকুছি আঞ্চলিক হাই মাদ্ৰাছা, দৰং
মুঠ নম্বৰ-৫৫৩

তৃতীয় স্থানঃ
ইলিয়াছ আলী, আমবাৰী কাৰ্তিমাৰী হাই মাদ্ৰাছা, গোৱালপাৰা।

Previous কাইলৈ ঘোষণা হ’ব মেট্ৰিকৰ চূড়ান্ত ফলাফল
Next মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *