শিৱসাগৰত এন.আৰ.চি.ৰ কামত নিয়োজিত চৰকাৰী বিষয়া সন্ধানহীন; চৰকাৰী আৱাসত চুইচাইড নোট উদ্ধাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ১৬ মে’, ২০১৯ঃ- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ অন্তিম সময়সীমালৈ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰত এন.আৰ.চি.ৰ কামত নিয়োজিত এজন চৰকাৰী বিষয়া সন্ধানহীন হোৱাৰ ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত দিগন্ত শইকীয়া বুধবাৰে পুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ থকা বুলি জানিব পৰা গৈছে। নিৰুদ্দিষ্ট বিষয়াজনক বিচাৰি আৰক্ষীয়ে তেওঁৰ চৰকাৰী আৱাসগৃহত তালাচী চলাওতে এখন চুইচাইড নোট উদ্ধাৰ কৰে। উল্লেখযোগ্য, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিৰুদ্দিষ্ট লোকজনৰ ঘৰ যোৰহাট জিলাৰ কাকজানত।

Previous মঙলদৈৰ কেৰিমেৰিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত
Next বইটামাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এজন নিহত; ১০ জনৰো অধিক লোক আহত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *