মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন

উৎকোচ লোৱাৰ অভিযোগত এজন চিকিৎসকক নিলম্বন

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,  মুকালমুৱা, ১৬ মে’, ২০১৯ঃ- অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই বৃহস্পতিবাৰে পুৱাই মুকালমুৱা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি এগৰাকী চিকিৎসকক চাকৰি পৰা নিলম্বন কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্যৰ সৈতে পুৱাই মুকালমুৱা চিকিৎসালয়ত উপস্থিত হয়। ইয়াৰ পাছতেই তেখেতে চিকিৎসালয়খনত কৰ্তব্যৰত সকলো চিকিৎসক, নাৰ্চ তথা সকলো কৰ্মচাৰীক হৈ মুকালমুৱা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়লৈ তলৱ কৰে আৰু তেওঁলোকে যাতে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত তিলমানো ত্ৰুটি নাৰাখে তাৰ বাবেও সকিয়াই দিয়ে৷ মন কৰিবলগীয়া কথা যে, মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ৰাতুল দাসৰ বিৰুদ্ধে উত্থাপন হোৱা উৎকোচ গ্ৰহণৰ অভিযোগ সন্ধৰ্ভত চিকিৎসকগৰাকীক মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়লৈ তলৱ কৰি আনি সেই অভিযোগ সন্দৰ্ভত জৱাবদিহি কৰে৷ প্ৰাপ্ত অভিযোগ অনুসৰি চিকিৎসক দাসে ৰামপুৰৰ এগৰাকী প্ৰসূতিৰ পৰা প্ৰসৱ কৰাৰ বাবদ ৫ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল৷ উপায়ন্তৰ হৈ প্ৰসূতিগৰাকীৰ স্বামীয়ে চিকিৎসকজনক ২,৫০০ প্ৰদান কৰিবলৈ বাধ্য হয় আৰু তেওঁৰ সৈতে হোৱা সকলো কথোপোকথন, ধন দিয়াৰ সমগ্ৰ দৃশ্য মোবাইল কেমেৰাৰে বন্দী কৰি মন্ত্ৰীগৰাকীক এই ভিডিঅ’টো অৰ্পন কৰে৷ উক্ত ভিডিঅটো প্ৰত্যক্ষ কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসক ডাঃ ৰাতুল দাসক চাকৰিৰ পৰা নিলম্বন কৰাৰ বাবে অসম চৰকাৰৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্যক নিৰ্দেশ দিয়ে৷

Previous অৱশেষত সকলো উৎকন্ঠাৰ অন্ত পৰিল; ৰাজ্যজুৰি ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল
Next মঙলদৈৰ কেৰিমেৰিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *