আমগুৰিৰ বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী জোন কোঁৱৰৰ মৃত্যু


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., আমগুৰি, ১৯ মে’, ২০১৯ঃ- আমগুৰিৰ এগৰাকী বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পীৰ অকাল মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, কন্ঠশিল্পী মানস ৰবীনৰ সৈতে বাদ্য সংগত কৰা দোপদৰ বৰুৱা পুখুৰীৰ কোঁৱৰ গাঁৱৰ জোন কোঁৱৰৰ দেওবাৰে দিনৰ ১ বাজি ৩০ মিনিটত মৃত্যু হয়। উল্লেখযোগ্য যে, উদীয়মান শিল্পীগৰাকী বিগত শুক্ৰবাৰৰ জ্বৰত আক্ৰান্ত হৈ এখন ব‍্যক্তিগত ক্লিনিকত ভৰ্তি হৈ আছিল। কিছু সুস্থ হোৱাত স্ব-গৃহলৈ অনা হৈছিল যদিও পুনৰ শনিবাৰে নিশা পুনৰ অসুস্থ হৈ পৰাত পৰিয়ালবৰ্গই ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় আৰু দেওবাৰে চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয়। এইগৰাকী প্ৰতিভাৱান যুৱকৰ অকাল বিয়োগে বৃহত্ত আমগুৰি অঞ্চলৰ ৰাইজক হতচকিত কৰাৰ লগতে শোকত ম্ৰিয়মাণ কৰি তুলিছে।

Previous যোগীঘোপাৰ চলন্তাপাৰা হৰিপানীত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুত্বৰভাৱে আহত ১
This is the most recent story.

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *