আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; ৰাজ্যৰ ছপা, বৈদ্যুতিন আৰু ৱেব মাধ্যমলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছাবাণী


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ-  আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জনাজাত নিৰ্ভীক, নিৰপেক্ষ সংবাদ মাধ্যমৰ সততা, নিষ্ঠাৰ প্ৰতি সন্মান জনাই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ লগতে সমগ্ৰ দেশৰ লগতে অসমতো উদযপান কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ। প্ৰেছ দিৱসৰ এই শুভক্ষণত ৰাজ্য চৰকাৰৰ হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বিজ্ঞপ্তিযোগে ৰাজ্যৰ ছপা, বৈদ্যূতিন আৰু ৱেব মাধ্যমৰ সকলো সংবাদকৰ্মীলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, নিজৰ শুভেচ্ছাবাণীত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদপত্ৰক সমাজৰ বিবেক হিচাবে অভিহিত কৰাৰ লগতে চৰকাৰ আৰু জনগণৰ মাজত সমন্বয়ৰ সেতুঁৰূপে কাম কৰি অহা বুলি ব্যক্ত কৰে। ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশত মুক্ত আৰু দায়বদ্ধ সংবাদ মাধ্যমৰ গুৰুত্ব উপলব্ধ কৰাৰ ওপৰিও ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পৱিত্ৰ মুহূৰ্তত দেশৰ গণতন্ত্ৰ ব্যৱস্থাটো আৰু অধিক দৃঢ় তথা শক্তিশালীকৰণৰ উদ্দেশ্যে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিজন সংবাদকৰ্মীকে আহ্বান জনায়।

Previous দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নাজিৰা পৌৰসভাৰ উপ-সভানেত্ৰীৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰৰ অকাল বিয়োগ
Next চাৰি মাহে লাভ কৰা নাই দৰমহা, প্ৰাপ্য দৰমহাৰ বাবে এন.আৰ.চি. কৰ্মচাৰীৰ হাহাকাৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *