চাকৰিয়ালৰ দৰমহাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপৰ পোষকতা কেন্দ্ৰীয় চৰকাৰৰ; ‘One Nation, One Pay Day’ৰে সমগ্ৰ দেশতে একেদিনাই দৰমহা দিয়াৰ চিন্তা-চৰ্চা


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ- চাকৰিয়ালসকলৰ বাবে এটা সু-খবৰ। কাৰণ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ হিতৰ উদ্দেশ্যে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণৰ দিশত আগবাঢ়িছে।  কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগৱাৰে প্ৰকাশ কৰা এক বিশেষ মন্তব্য অনুসৰি, চৰকাৰে ‘One Nation, One Pay Day’ৰে সমগ্ৰ দেশৰ কৰ্মচাৰী আৰু বনুৱাসকলৰ দৰমহা একেটা দিনতে মোকলাই দিয়াৰ চিন্তা-চৰ্চা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এই বিষয়টোক আইনীয় ৰূপ দিয়াৰো পোষকতা কৰিছে। মন কৰিবলগীয়া কথা যে, দৰমহা দিয়াৰ কোনো নিৰ্দিষ্ট দিন নথকাৰ বাবে দেশৰ বহু কৰ্মচাৰী বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।

Previous চাৰি মাহে লাভ কৰা নাই দৰমহা, প্ৰাপ্য দৰমহাৰ বাবে এন.আৰ.চি. কৰ্মচাৰীৰ হাহাকাৰ
Next নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *