চাৰি মাহে লাভ কৰা নাই দৰমহা, প্ৰাপ্য দৰমহাৰ বাবে এন.আৰ.চি. কৰ্মচাৰীৰ হাহাকাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ- বিগত ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চি. সম্পৰ্কে চৌদিশে বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ পুনৰ সংবাদ শিৰোনামলৈ আহিছে নাগৰিকপঞ্জীৰ এটা গুৰুত্বপূৰ্ণ দিশ। প্ৰাপ্ত তথ্য অনুসৰি, বিগত ৪ মাহ ধৰি দৰমহা লাভ কৰা নাই এন.আৰ.চি.ৰ ডাটা এন্ট্ৰী অপাৰেটৰসকলে। ঠিক সেইদৰে অন্যান্য কৰ্মচাৰীসকলেও প্ৰায় তিনি মাহৰ দৰমহা লাভ কৰা নাই। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে পুঁজি মোকলাই নিদিয়াৰ বাবেই কৰ্মচাৰী সকলে লাভ কৰা নাই বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া কথা যে, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নিৰাপত্তাজনিত কাৰণত ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰাৰ পাছতেই হিতেশ দেৱশৰ্মাক নতুন সমন্বয়ক হিচাবে নিযুক্তি দিছিল যদিও কেতবোৰ কাৰণত সমন্বয়কগৰাকীয়ে এতিয়ালৈকে দায়িত্বভাৰ গ্ৰহণ কৰা নাই।

Previous আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; ৰাজ্যৰ ছপা, বৈদ্যুতিন আৰু ৱেব মাধ্যমলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছাবাণী
Next চাকৰিয়ালৰ দৰমহাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপৰ পোষকতা কেন্দ্ৰীয় চৰকাৰৰ; ‘One Nation, One Pay Day’ৰে সমগ্ৰ দেশতে একেদিনাই দৰমহা দিয়াৰ চিন্তা-চৰ্চা

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *