দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নাজিৰা পৌৰসভাৰ উপ-সভানেত্ৰীৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰৰ অকাল বিয়োগ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নাজিৰা, ১৬ নৱেম্বৰ, ২০১৯ঃ- দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্যই পুনৰ প্ৰাণ ল’লে এজন স্কুলীয়া ছাত্ৰৰ। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত কলেজ তিনিআলিত শুক্ৰবাৰে সন্ধিয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে নাজিৰা পৌৰসভাৰ উপ-সভানেত্ৰী ৰূপাঞ্জলী হাজৰিকাৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ শ্ৰুতানিক কাশ্যপে। উল্লেখযোগ্য যে, নিজৰ দেউতাকৰ বন্ধু ৰমেশ গগৈৰ সৈতে AS-04-Q-5804 নাম্বাৰৰ এখন স্কুটিত টিউচনলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মৰাত দুয়ো পথৰ ওপৰত বাগৰি পৰে। স্থানীয় ৰাইজৰ সহযোগত দুয়োকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শ্ৰুতানিক কাশ্যপক (১৫) মৃত ঘোষণা কৰে। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰসহ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও ডাম্পাৰখনৰ সন্ধানত নাজিৰা আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ৰমেশ গগৈ বৰ্তমানেও শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

Previous আমগুৰিৰ বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী জোন কোঁৱৰৰ মৃত্যু
Next আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; ৰাজ্যৰ ছপা, বৈদ্যুতিন আৰু ৱেব মাধ্যমলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছাবাণী

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *