দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ নৱেম্বৰ, ২০১৯ঃ- দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে দেশৰ বিশিষ্ট সাংবাদিক তথা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা দিল্লী ক্ৰিকেট সন্থাই টুইটাৰযোগে ৰজত শৰ্মাই পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। উল্লেখযোগ্য যে, ৰজত শৰ্মাৰ পদত্যাগৰ পিছতেই শনিবাৰে বিয়লিভাগলৈ দিল্লী ক্ৰিকেট সন্থাৰ কেইবাজনো সদস্যইও পদত্যাগ কৰে। ২০১৮ চনত দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ৰজত শৰ্মা। তেখেত দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ হৈ থাকোতেই দিল্লীৰ ঐতিহাসিক ফিৰোজ কোটলা ষ্ট্ৰেডিয়ামৰ নাম সলনি কৰি অৰুণ জেটলী ষ্ট্ৰেডিয়াম নামেৰে নামাকৰণ কৰা হৈছিল। নিজৰ পদত্যাগৰ পাছতেই শৰ্মাই টুইটাৰযোগে সমূহ শুভাকাংক্ষীসকলৈ আন্তৰিক কৃতজ্ঞতাও প্ৰকাশ কৰে।

Previous নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত
Next পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ; দিল্লীত পোষ্টাৰিং

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *