ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নামতি, ১৭ নৱেম্বৰ, ২০১৯ঃ- শনিবাৰে শিৱসাগৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰৰ নামতিৰ ধোদৰ আলিত AS04-W-1632 নাম্বাৰৰ এখন দ্ৰুতবেগী বাইকে কেইবাজনো লোকক মহতিয়াই নিয়াত ৫জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথত আলহাজ মৌলানা ডাউদ হুছেইন আৰু মাতু বেগমৰ মৃত্যু হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত ৮ বছৰীয়া য়াছিন বেগম আৰু ২ বছৰীয়া জেছমিন বেগমৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে, উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ বহুসময়ৰ পাছত নামতি আৰু আমগুৰি থানাৰ আৰক্ষী উপস্থিত হোৱাক লৈ অঞ্চলটোৰ ৰাইজ ক্ষোভিত হোৱাও পৰিলক্ষিত হয়।
নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

No Comment