পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ; দিল্লীত পোষ্টাৰিং


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ নৱেম্বৰ, ২০১৯ঃ- ৰাজধানী দিল্লীৰ দেখা গৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য তথা পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰৰ সন্ধানহীনতাৰ পোষ্টাৰ। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ ITO অঞ্চল্ৰ গছ আৰু দেৱালত আঁৰি দিয়া হৈছে তেনে পোষ্টাৰ য’ত লিখা আছে- ‘‘আপুনি গৌতম গম্ভীৰক ক’ৰবাত দেখিছে নেকি। শেষবাৰ তেখেতক ইন্দোৰত জেলেপী খাই থকা দেখা পোৱা গৈছিল। তেতিয়াৰ পৰা তেখেত নিৰুদ্দেশ হৈ আছে। সমগ্ৰ দিল্লীয়ে তেওঁক বিচাৰি আছে।’’ উল্লেখযোগ্য যে, চলিত সপ্তাহতে দিল্লীত ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণক লৈ এক বিশেষ বৈঠক য’ত সাংসদগৰাকী উপস্থিত থকাৰ কথা আছিল। কিন্তু উক্ত বৈঠকত উপস্থিত থকাৰ সলনি সাংসদগৰাকীয়ে ইন্দোৰত অনুষ্ঠিত ভাৰত–বাংলাদেশৰ মাজৰ টেষ্ট মেচৰ কমেন্ট্রীত ব্যস্ত আছিল আৰু তাত তেখেতে প্ৰাক্তন ক্ৰিকেটাৰ ভি. ভি. এছ. লক্ষ্মণৰ সৈতে জেলেপী আৰু পোহা খোৱাৰ ফটো প্ৰকাশ পাইছিল।

মন কৰিবলগীয়া কথা যে, উক্ত বৈঠকৰ পাছতেই আম আদমি পাৰ্টীয়ে গম্ভীৰৰ ওপৰত অভিযোগ তুলিছিল যে প্ৰদূষণক লৈ ৰাজনীতি কৰাৰ কথা হ’লে সদায় আগত থকা গৌতম গম্ভীৰে কিন্তু প্ৰদূষণৰ পৰা পৰিত্ৰাণৰ উপায়ৰ বাবে হোৱা বৈঠকলৈ নাহিল। সাংসদগৰাকীৰ এনেবোৰ পোষ্টাৰৰ পাছতেই এই বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

Previous দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ
Next ক’ৰোনা ভাইৰাচৰ ভয়াৱহতাক লৈ চিন্তিত WHO

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *