সুদীৰ্ঘ ১৭ বছৰৰ অন্তত আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

১০টা পদৰ বাবে ৩৬ গৰাকীৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০২০ঃ- সুদীৰ্ঘ ১৭ বছৰ পাছত আজি অনুস্থিত হৈছে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। প্ৰাপ্ত তথ্য অনুসৰি, পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজাত অন্ত পৰিব। উল্লেখযোগ্য যে, প্ৰেছ ক্লাৱৰ ১০টা পদৰ বাবে হোৱা এই নিৰ্বাচনত সৰ্বমুঠ ৩৬ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৮১৬ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিবলগীয়া এই নিৰ্বাচনৰ পদসমূহ এনেধৰণৰ- সভাপতি, উপ-সভাপতি, উপ-সভাপতি (মহিলাৰ বাবে সংৰক্ষিত ১টা), সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত ১টা), সাংগঠনিক সম্পাদক, কোষাধক্ষ্য, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক। মন কৰিবলগীয়া কথা যে, সুদীৰ্ঘ ১৭ বছৰ অন্তত অনুষ্ঠিত হোৱা এই নিৰ্বাচনক লৈ সাংবাদিকসকলৰ মাজত যথেষ্ট উছাহ পৰিলক্ষিত হৈছে।

Previous SBIৰ গ্ৰাহকসকললৈ সুখবৰ, একাউণ্টত নূন্যতম ধন নথকাৰ বাবদ এতিয়াৰ পৰা গ্ৰাহকে পৰিশোধ কৰিব নালাগে জৰিমনা
Next ৰাজ্যসভাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ; অসমত ভুৱনেশ্বৰ কলিতা আৰু মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াক প্ৰাৰ্থীত্ব প্ৰদান

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *