৯৫.৫৪ শতাংশ হাৰৰ ভোটদানেৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০২০ঃ- অন্ত পৰিল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ভোটদান। প্ৰাপ্ত তথ্য অনুসৰি, বিয়লি ৪ বজাৰ লগে লগেই ভোটদান প্ৰক্ৰিয়াৰ অন্ত পৰে। উল্লেখযোগ্য যে, সুদীৰ্ঘ ১৭ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ১০টা পদৰ বাবে সৰ্বমুঠ ৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত মুঠ ৮১৬ গৰাকী ভোটাৰৰ ভিতৰত ৭৮০ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে। ৯৫. ৫৪ শতাংশ হাৰৰ ভোটদানেৰে সমাপ্তি ঘটা এই নিৰ্বাচনৰ ভোটগণনা বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’ব।

Previous SBIৰ FDৰ গ্ৰাহকৰ কাৰণে দুখবৰ! পুনৰ হ্ৰাস পালে সুতৰ হাৰ
Next নলবাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত; আহত ২

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *