ৰাজ্যসভাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ; অসমত ভুৱনেশ্বৰ কলিতা আৰু মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াক প্ৰাৰ্থীত্ব প্ৰদান


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০২০ঃ- বুধবাৰে ৰাজ্যসভাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। ৰাজনৈতিক দলটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি অনুসৰি বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্তমৰ্মে ৯খন ৰাজ্যৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ তালিকা ঠিৰাং কৰে। উল্লেখযোগ্য যে, উক্ত তালিকাখনত অসমৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা বৰ্তমানৰ বিজেপিৰ নেতা ভুৱনেশ্বৰ কলিতাক অসমৰ এখন আসনৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে বুধবাৰেই কংগ্ৰেছ দল ত্যাগ কৰা জনপ্ৰিয় নেতা জ্যোতিৰাদিত্য সিন্ধিয়াক মধ্যপ্ৰদেশৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। এক কথাত ক’বলৈ গ’লে বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী নেতা দুজনক দলটোত যোগদানৰ পূৰ্বে দিয়া কথা ১০০ শতাংশই ৰক্ষা কৰিলে।

Previous সুদীৰ্ঘ ১৭ বছৰৰ অন্তত আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন
Next SBIৰ FDৰ গ্ৰাহকৰ কাৰণে দুখবৰ! পুনৰ হ্ৰাস পালে সুতৰ হাৰ

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *