SBIৰ FDৰ গ্ৰাহকৰ কাৰণে দুখবৰ! পুনৰ হ্ৰাস পালে সুতৰ হাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০২০ঃ- ছেভিংচ একাউন্টৰ নূন্যতম জমাৰাশি সন্দৰ্ভত পূৰ্বতে থকা জৰিমনা প্ৰত্যাহাৰ কৰি গ্ৰাহকক সকাহ দিয়া SBIএ নিজৰ ফিক্সড ডিপ’জিটৰ গ্ৰাহকসকললৈ কঢ়িয়াই আনিছে এক দুখৰ বতৰা। প্ৰাপ্ত তথ্য অনুসৰি, দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকটোৱে মাহটোৰ ভিতৰত দ্বিতীয়বাৰলৈ সুতৰ হাৰ হ্ৰাস কৰিছে। জানিব পৰা মতে বেংকে ৪৫দিনৰ সময়সীমাৰ চৰ্ট টাৰ্ম FDৰ ওপৰত সুতৰ হাৰ ০.৫০% হ্ৰাস কৰিছে। এই নতুন দৰ ১০মাৰ্চৰ পৰা বলৱৎ হৈছে। বেংকে বলৱৎ কৰা নতুন দৰ মতে, ৭ৰ পৰা ৪৫দিনলৈকে FDৰ ওপৰত পূৰ্বে ৪.৫০শতাংশ সুতৰ হাৰৰ সলনি ৪ শতাংশহে সুত পাব। ইয়াৰোপৰি এবছৰ আৰু ততোধিক সময়সীমাৰ FDৰ ৬শতাংশ সুতৰ হাৰত ০.১০ শতাংশ হ্ৰাস কৰা হৈছে।

Previous ৰাজ্যসভাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ; অসমত ভুৱনেশ্বৰ কলিতা আৰু মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াক প্ৰাৰ্থীত্ব প্ৰদান
Next ৯৫.৫৪ শতাংশ হাৰৰ ভোটদানেৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *