ক্ষেত্ৰীত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা টেম্প’ত তীব্ৰবেগী ছুইফটৰ প্ৰচণ্ড খুন্দা; ৭জন আহত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ঃ- শুক্ৰবাৰে কামৰূপ জিলাৰ ক্ষেত্ৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ক্ষেত্ৰীৰ কলেজ গেটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ASo1BZ0439 নাম্বাৰৰ এখন তীব্ৰবেগী ছুইফট গাড়ীয়ে নলগেদেৰাস্থিত চেইন্ট এগনেছ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন টেম্প’ক পিছফালৰ পৰা মহতিয়াই নিয়ে। উক্ত দুৰ্ঘটনাটোত টেম্প’খনত থকা ৭গৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুত্বৰভাৱে আহত হোৱাত ছাত্ৰ-ছাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ৪জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত অঞ্চলটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

Previous ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু; আক্ৰান্তৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি
Next ক’ৰোনা ভাইৰাছৰ ত্ৰাস! খালী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুয়োখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *