ক’ৰোনা ভাইৰাছৰ ত্ৰাস! খালী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুয়োখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই


India's Virat Kohli (L) celebrates his century during the One Day International (ODI) cricket match between India and South Africa, at Newland Stadium, on February 7, 2018, in Cape Town. / AFP PHOTO / RODGER BOSCH (Photo credit should read RODGER BOSCH/AFP via Getty Images)

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ঃ-  সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰোনা ভাইৰাছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা বিশ্বৰ ১০০খনৰো অধিক দেশলৈ বিয়পি পৰা এই ভাইৰাছবিধৰ কৱলত কেইবালক্ষাধিক লোক পৰিবলগীয়া হোৱাত চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ দেশ ভাৰতবৰ্ষত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি পাইছে যাৰ বাবে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগতে ক্ৰীড়া ক্ষেত্ৰখনো প্ৰভাৱান্বিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অহা ১৫ মাৰ্চত লক্ষ্নৌত আৰু ১৮ মাৰ্চত কলকাতাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন খেল দৰ্শকবিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ক’ৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়া আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ সৈতে আলোচনামৰ্মে বিচিচিআয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া কথা যে, বিচিচিআয়ে এই খেল দুখনৰ টিকটৰ মূল্য ওভতাই দিব।

Previous ক্ষেত্ৰীত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা টেম্প’ত তীব্ৰবেগী ছুইফটৰ প্ৰচণ্ড খুন্দা; ৭জন আহত
Next ৰাজ্যসভাৰ মনোনয়নৰ জল্পনা-কল্পনাৰ অৱসান; ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু বিশ্বজিৎ দৈমাৰীৰ জয় নিশ্চিত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *