ঘোষণা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল; সুদীৰ্ঘ ১৭ বছৰৰ অন্তত গঠন নতুন কমিটী


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ঃ- সুদীৰ্ঘ ১৭ বছৰৰ অন্তত গঠন হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন কমিটী। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল অৱশেষত ঘোষণা কৰা হয়। ১০টাকৈ গুৰুত্বপূৰ্ণ পদত সৰ্বমুঠ ৩৬গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এইবাৰৰ নিৰ্বাচনৰ ফলাফলসমূহ এনেধৰণৰ-

সভাপতি:- মনোজ কুমাৰ নাথ
উপ সভাপতি:- ধনীৰাম কলিতা
উপ সভাপতি (মহিলাৰ বাবে সংৰক্ষিত):- মৌচুমী শৰ্মা বৰুৱা
সাধাৰণ সম্পাদক:- সঞ্জয় ৰয়
সহকাৰী সাধাৰণ সম্পাদক:- মনিন্দ্ৰ ডেকা
সহকাৰী সাধাৰণ সম্পাদক ( মহিলাৰ বাবে সংৰক্ষিত):- মনীষা কলিতা
সাংগঠনিক সম্পাদক:- ৰাজু বৰুৱা
কোষাধ্যক্ষ:- নয়ন প্ৰতিম কুমাৰ
সাংস্কৃতিক সম্পাদক:- পল্লৱী বৰা
ক্ৰীড়া সম্পাদক:- ধীৰাজ হাজৰিকা

উল্লেখযোগ্য যে, সুদীৰ্ঘ ১৭টাকৈ বছৰৰ পাছত অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত সকলো সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক তথা সংবাদকৰ্মীসকল উছাহেৰে ওলাই আহি ভোট দিয়া পৰিলক্ষিত হৈছিল।

Previous নলবাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত; আহত ২
Next ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু; আক্ৰান্তৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *