নলবাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত; আহত ২


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নলবাৰী, ১৩ মাৰ্চ, ২০২০ঃ- বৃহস্পতিবাৰে নলবাৰীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, নলবাৰীৰ ২ নং সাগৰকুছিত নিশা AS14J2034 নাম্বাৰৰ এখন চাৰিচকীয়া বাহনে তিনিজনকৈ চাইকেল আৰোহীক মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত আহত তিনিওকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও গুৰুত্বৰভাৱে আহত শুক্লেশ্বৰ লহকৰৰ নিশাতেই মৃত্যু ঘটে। আহত আন দুজন ব্যক্তিৰ নাম পৰমা চৌধুৰী আৰু ৰাধা লহকৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটো সংঘটিত কৰিয়েই গাড়ীখনৰ পৰা চালকসহ আন আন আৰোহীসকলে পলায়ন কৰে।

Previous ৯৫.৫৪ শতাংশ হাৰৰ ভোটদানেৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত
Next ঘোষণা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল; সুদীৰ্ঘ ১৭ বছৰৰ অন্তত গঠন নতুন কমিটী

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *