ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু; আক্ৰান্তৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ঃ- ভাৰতত মৃত্যু ঘটিছে কোৰোণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকৰ। প্ৰাপ্ত তথ্য অনুসৰি, কৰ্ণাটকৰ কলবুৰ্গীত বৃহস্পতিবাৰে মৃত্যু হৈছে এজন কোৰোণা ভাইৰাছ আক্ৰান্ত ৭৬ বছৰীয়া লোকৰ। কৰ্ণাটক চৰকাৰে জানিবলৈ দিয়া মতে, উক্ত লোকজন শেহতীয়াকৈ চৌদি আৰবৰ পৰা উভতিছিল আৰু তেখেত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল। পৰীক্ষা–নিৰীক্ষাত লোকজনৰ কোৰোণা ভাইৰাছ থকাটো প্ৰমাণিত হৈছিল আৰু ব্যক্তিজনৰ চিকিৎসা চলি আছিল।  তেখেতৰ মৃত্যুৰ পাছত ৰাজ্যখনৰ চৰকাৰে তেওঁৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষা নিৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া কথা যে, ভাৰতবৰ্ষত এইপৰ্যন্ত এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত লোকৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি পাইছে। এইপৰ্য্যন্ত দিল্লীত ৬জন, তেলেংগানাত ১জন, উত্তৰ প্ৰদেশত ১১জন, লাডাখত ৩জন, তামিলনাডুত ১জন, হাৰিয়ানাত ১৪জন, কেৰালাত ১৭জন, ৰাজস্থানত ৩জন, জম্মু–কাশ্মীৰত ১জন, পঞ্জাবত ১জন, কৰ্ণাটকত ৪জন আৰু মহাৰাষ্ট্ৰত ১১জন লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে।

Previous ঘোষণা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল; সুদীৰ্ঘ ১৭ বছৰৰ অন্তত গঠন নতুন কমিটী
Next ক্ষেত্ৰীত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা টেম্প’ত তীব্ৰবেগী ছুইফটৰ প্ৰচণ্ড খুন্দা; ৭জন আহত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *