ৰাজ্যসভাৰ মনোনয়নৰ জল্পনা-কল্পনাৰ অৱসান; ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু বিশ্বজিৎ দৈমাৰীৰ জয় নিশ্চিত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ঃ- অৱশেষত অৱসান ঘটিল ৰাজ্যসভাৰ মনোনয়নৰ জল্পনা-কল্পনাৰ। অহা ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ ৩খন ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিলৰ বাবে আজি আছিল অন্তিমটো দিন। এতিয়ালৈকে বিজেপিৰ ভুৱনেশ্বৰ কলিতা, বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু কংগ্ৰেছ-এ.আই.ইউ.ডি.এফ সমৰ্থিত অজিত কুমাৰ ভূঞাই মনোনয়ন দাখিল কৰিছে অৰ্থাৎ তিনিওজনৰ জয় নিশ্চিত হৈ পৰিল। উল্লেখযোগ্য যে, প্ৰবীণ সাংবাদিক তথা ‘কা’বিৰোধী আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা ব্যক্তি অজিত কুমাৰ ভূঞাই কংগ্ৰেছ-এ.আই.ইউ.ডি.এফৰ সমৰ্থন লোৱাক লৈ যথেষ্ট চৰ্চা অব্যাহত চলিছিল। আনকি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও সাংবাদিকগৰাকীক কঠোৰ বাক্যবাণেৰে আক্ৰমণ কৰাও পৰিলক্ষিত হৈছিল। আনহাতে, বৃহস্পতিবাৰে অসমৰ আন এগৰাকী সাংবাদিক অতনু ভূঞাইও ৰাজ্যসভাৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰাত চৌদিশে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও আজি তেখেতে মনোনয়ন দাখিল নকৰাত নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰে।

Previous ক’ৰোনা ভাইৰাছৰ ত্ৰাস! খালী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুয়োখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই
Next ক’ৰ’না ভাইৰাছৰ বাবে দেশজুৰি হেল্পলাইন নাম্বাৰ মুকলি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *