ক’ৰ’না ভাইৰাছত আক্ৰান্ত কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ- ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী। বৃহস্পতিবাৰে নিশা ট্ৰুড’ৰ কাৰ্য্যালয়ে জনোৱা মতে প্ৰধান মন্ত্ৰী গৰাকী পত্নী ছফি গ্ৰেগয়াৰ ট্ৰুড’ৰ শৰীৰত ক’ৰ’না ভাইৰাছ পোৱা গৈছে আৰু তেখেতক আছুতিয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে। পত্নীৰ গাত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে যদিও বৰ্তমানলৈকে প্ৰধান মন্ত্ৰী গৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ কোনো লক্ষণ ধৰা পৰা নাই। উল্লেখযোগ্য যে, দেশখনত এতিয়ালৈকে ১৪০ গৰাকী ব্যক্তিৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে আৰু ইয়াৰ ফলত এগৰাকী লোকৰ মৃত্যু হৈছে।

Previous ক’ৰ’না ভাইৰাছৰ বাবে দেশজুৰি হেল্পলাইন নাম্বাৰ মুকলি
Next কৰ’না ভাইৰাছৰ আতংক; ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হ’ল আই.পি.এল.-২০২০

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *