ক’ৰ’না ভাইৰাছত ভাৰতত দ্বিতীয়গৰাকী লোকৰ মৃত্যু


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ- কৰ’না ভাইৰাছে বিশ্বৰ আন আন ঠাইৰ লগতে ভাৰতবৰ্ষতো আতংকৰ সৃষ্টি কৰাৰ ফলাফলস্বৰূপে দেশখনত দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১২ মাৰ্চত কৰ্ণাটকত দেশৰ প্ৰথম গৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ পাছতেই ভাইৰাছবিধত আক্ৰান্ত হৈ শুক্ৰবাৰে নিশা দেশৰ ৰাজধানী দিল্লীত এগৰাকী ৬৯ বৰ্ষীয় মহিলাই মৃত্যুক সাৱটি লয়। উল্লেখযোগ্য যে, মহিলাগৰাকীৰ পুত্ৰই অলপতে বিদেশ ভ্ৰমণৰ পৰা অহাৰ পাছত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাত তেওঁৰ মাতৃও এই ভাইৰাছবিধত আক্ৰান্ত হয়। আনহাতে, মৃত মহিলাগৰাকী কৰ’না ভাইৰাছৰ লগতে ডায়াবেটিছ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে।

Previous ক’ৰ’না ভাইৰাছৰ বৰ্ধিত ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মাৰ্চলৈকে কোনো ৰাজহুৱা সভা-সমিতি, অনুষ্ঠানত অংশগ্ৰহণ নকৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Next টংলাত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন; ৫জন নিহত হোৱাৰ বিপৰীতে আহত ২৬জন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *