কৰ’না ভাইৰাছৰ আতংক; ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হ’ল আই.পি.এল.-২০২০


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ- সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বাবে পিছুৱাই দিয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই.পি.এল.-২০২০। প্ৰাপ্ত তথ্য অনুসৰি, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই.পি.এল. কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, অহা ২৯ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হোৱাৰ কথা আছিল যদিও এতিয়া পূৰ্বনিৰ্ধাৰিত সময়ত অনুষ্ঠিত নহয় আই.পি.এল.।  ১৫ এপ্ৰিললৈ ইয়াক পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না ভাইৰাছক মহামাৰী ঘোষণা কৰাৰ পাছত ভাৰত চৰকাৰে ১৫ এপ্ৰিললৈ বিদেশী লোকৰ বাবে ভাৰতীয় ভিছা বন্ধ কৰি দিয়া বাবে আই.পি.এল. অনুষ্ঠিত কৰাক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছিল।

Previous ক’ৰ’না ভাইৰাছত আক্ৰান্ত কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী
Next কৰ’না ভাইৰাছৰ আতংক; বাতিল হ’ল ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *