ক’ৰ’না ভাইৰাছৰ বৰ্ধিত ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মাৰ্চলৈকে কোনো ৰাজহুৱা সভা-সমিতি, অনুষ্ঠানত অংশগ্ৰহণ নকৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ- সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰতবৰ্ষতো ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি অনুসৰি, ভাইৰাছবিধৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামৰ্শমতে অহা ৩১ মাৰ্চলৈকে কোনো ৰাজহুৱা সভা-সমিতি, অনুষ্ঠান তথা জনসমাৱেশত অংশ নলয় মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, এই ভাইৰাছবিধক লৈ অযথা আতংকিত নোহোৱাৰ লগতে স্বাস্থ্য বিভাগে প্ৰদান কৰা পৰমাৰ্শৱলী সঠিকভাৱে মানি জনসাধাৰণক এই ৰোগৰ সংক্ৰমণৰ পৰা নিজকে মুক্ত হৈ থকাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। কেৱল সাৱধানতাৰ জৰিয়তেহে এই সংক্ৰমণৰ পৰা জনসাধাৰণে হাত সাৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ সচেতন ব্যক্তিসকলক জনসচেতনতা সৃষ্টিৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনায়। ইয়াৰোপৰি, ৰাজ্যখনৰ জনসাধাৰণ যাতে নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকে তাৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা বুলিও বিবৃতিটোত প্ৰকাশ।

Previous কৰ’না ভাইৰাছৰ আতংক; বাতিল হ’ল ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা
Next ক’ৰ’না ভাইৰাছত ভাৰতত দ্বিতীয়গৰাকী লোকৰ মৃত্যু

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *