জনসাধাৰণৰ বাবে এটি দুখৰ খবৰ; অচিৰেই বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ- আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱাতেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ বাবে বিগত কেইটামান দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও জনসাধাৰণৰ বাবে আছে এটি দুখৰ খবৰ। কাৰণ অচিৰেই বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰাপ্ত তথ্য অনুসৰি, ক্ৰমাৎ দুৰ্বল হৈ পৰা দেশৰ অৰ্থনীতি কিছু উত্তৰণ ঘটাবলৈকে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক আৰু Road Cess বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছে। যাৰ ফলত সমগ্ৰ দেশতে পে’ট্ৰল–ডিজেলৰ মূল্য প্ৰতি লিটাৰত তিনি টকাকৈ বৃদ্ধি পাব বুলি জানিব পৰা গৈছে।

Previous টংলাত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন; ৫জন নিহত হোৱাৰ বিপৰীতে আহত ২৬জন
Next পোষ্টাৰ আঁৰিবলৈ কৰিবলৈ গৈ প্ৰশাসনৰ বাধাৰ সন্মুখীন কন্ঠশিল্পী মানস ৰবীন; ছচিয়েল মিডিয়া একাউন্টত তীব্ৰ ক্ষোভ প্ৰকাশ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *