টংলাত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন; ৫জন নিহত হোৱাৰ বিপৰীতে আহত ২৬জন


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., টংলা, ১৪ মাৰ্চ, ২০২০ঃ- শুক্ৰবাৰে টংলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দৰাৰ ঘৰলৈ কইনা থ’বলৈ যোৱা এখন বাহনে নিশা প্ৰায় ১২ বজাত  টংলাৰ নাচোঁনচালিত এজোপা গছত প্ৰচণ্ড জোৰত খুন্দা মৰাত ৫জন লোক থিতাতে নিহত হয়। উক্ত দুৰ্ঘটনাটোত বাহনখনত থকা আন ২৬জন লোকো গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, দৰা-কইনা যোৱা বাহনখনৰ ঠিক পাছে পাছে দুৰ্ঘটনাত পতিত হোৱা বাহনখন গৈ আছিল।

Previous ক’ৰ’না ভাইৰাছত ভাৰতত দ্বিতীয়গৰাকী লোকৰ মৃত্যু
Next জনসাধাৰণৰ বাবে এটি দুখৰ খবৰ; অচিৰেই বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *