পোষ্টাৰ আঁৰিবলৈ কৰিবলৈ গৈ প্ৰশাসনৰ বাধাৰ সন্মুখীন কন্ঠশিল্পী মানস ৰবীন; ছচিয়েল মিডিয়া একাউন্টত তীব্ৰ ক্ষোভ প্ৰকাশ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিমৌ, ১৪ মাৰ্চ, ২০২০ঃ- এখন পোষ্টাৰ আঁৰিবলৈ গৈ বিপৰ্যয়ৰ সন্মুখীন হ’ল কন্ঠশিল্পী মানস ৰবীন। প্ৰাপ্ত তথ্য অনুসৰি, জনপ্ৰিয় কন্ঠশিল্পী তথা ‘কা’বিৰোধী আন্দোলনৰ অন্যতম গুঁৰি ধৰোঁতা হিচাবে জনাজাত মানস ৰবীনে শনিবাৰে শিৱসাগৰ জিলাৰ ডিমৌ চাৰিআলিত ‘ককাই ঐ, বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিলে ভাল পাম।।’ শীৰ্ষক এখনি পোষ্টাৰ আঁৰিবলৈ গৈ প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ লগতে ডিমৌ থানালৈ আহিবলগীয়া হয়। উক্ত ঘটনা সন্দৰ্ভত কন্ঠশিল্পীগৰাকীয়ে নিজৰ ছচিয়েচ্লচ্চ্চ মিডিয়া একাউন্টযোগে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, কন্ঠশিল্পীগৰাকীয়ে বিগত ১৫ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ অনুষ্ঠানৰ পাছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত নিজৰ অনুৰাগীসকলৰ সৈতে বলিউডৰ বিখ্যাত অভিনেতা অক্ষয় কুমাৰক হাতত প্লে’ কাৰ্ড লৈ অসমীয়া লোকৰ হৈ আন্তৰিকতা প্ৰদৰ্শন কৰোতে আজাৰা আৰক্ষীয়ে আটক কৰিছিল।

Previous জনসাধাৰণৰ বাবে এটি দুখৰ খবৰ; অচিৰেই বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য
Next শ্ৰী শংকৰদেৱ নেত্ৰালয়ত সফলতাৰে 'বিশ্ব গ্লোকোমা সপ্তাহ' উদযাপন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *