শ্ৰী শংকৰদেৱ নেত্ৰালয়ত সফলতাৰে ‘বিশ্ব গ্লোকোমা সপ্তাহ’ উদযাপন


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ-  বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ অগ্ৰনী চকু চিকিৎসালয় শ্ৰী শংকৰদেৱ নেত্ৰালয়ত সফলতাৰে পালন কৰা হয় ‘বিশ্ব গ্লোকোমা সপ্তাহ’। প্ৰাপ্ত তথ্য অনুসৰি, চকু চিকিৎসালয়খনে বিগত ৮মাৰ্চৰ পৰা ১৪ মাৰ্চ তাৰিখলৈকে ‘বিশ্ব গ্লোকোমা সপ্তাহ’ৰ আয়োজন কৰে। উল্লেখযোগ্য যে,  ইয়াৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীও পালন কৰা হয়। মন কৰিবলগীয়া কথা যে প্ৰতিবছৰৰ দৰে এইবাৰো চিকিৎসালয়খনৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে এক পদযাত্ৰা উলিওৱা হয়। ১৪ তাৰিখে অনুষ্ঠিত হোৱা এই পদযাত্ৰাত মূখ্য অতিথি হিচাপে কৰ্কটৰোগৰ সজাগতা সৃষ্টিৰ হকে কাম কৰি থকা মিনতি বৰঠাকুৰ উপস্থিত থাকে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে চিকিৎসালয়খনৰ সঞ্চালিকা ডাঃ কস্তুৰী ভট্টাচাৰ্যীয়ে। তেখেতৰ ওপৰিও চিকিৎসালয়খনৰ ট্ৰাষ্টী ডাঃ বৰ্ষ ভট্টাচাৰ্যীয়ো অনুষ্ঠানটোত উপস্থিত থাকে। মন কৰিবলগীয়া কথা যে, বিভাগীয় জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰফুল্ল শৰ্মাই গ্লোকোমা ৰোগৰ বিষয়ে সবিশেষ জনোৱাৰ বিপৰীতে মুখ্য অতিথি মিনতি বৰঠাকুৰে উপস্থিত লোকসকলক কেৱল কৰ্কট ৰোগৰ বাবে নহয়, বৰঞ্চ প্ৰতিটো ৰোগৰ প্ৰতি সজাগ হোৱাটো অতিকে প্ৰয়োজনীয় বুলি উল্লেখ কৰে। আনহাতে, কাৰ্যসূচীৰ অংশ হিচাপে হস্পিটেলৰ ভিছন চেণ্টাৰ সমূহত আশা কৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলৰো চকুৰ গ্লোকোমা ৰোগৰ পৰীক্ষা কৰোৱা হয়।

Previous পোষ্টাৰ আঁৰিবলৈ কৰিবলৈ গৈ প্ৰশাসনৰ বাধাৰ সন্মুখীন কন্ঠশিল্পী মানস ৰবীন; ছচিয়েল মিডিয়া একাউন্টত তীব্ৰ ক্ষোভ প্ৰকাশ
Next ক’ৰোনাতংক; ২৯ মাৰ্চলৈ অসমত বন্ধ থাকিব স্কুল, কলেজ, বিশ্ববিদ্যালয়, চিনেমা হল, জিম, ছুইমিং পুল আদি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *