‘কা’ৰ বিৰুদ্ধে তেলেংগানা বিধানসভাত প্ৰস্তাৱ গৃহীত; কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক পুনৰ বিবেচনাৰ আহ্বান মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ মাৰ্চ, ২০২০ঃ- নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে দেশৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ থকা পৰিলক্ষিত হৈছে। তাৰেই এক প্ৰতিফলন ঘটিল তেলেংগানা বিধানসভাৰ মজিয়াত। প্ৰাপ্ত তথ্য অনুসৰি, তেলেংগানা বিধানসভাই সোমবাৰে ‘কা’ৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰে। উল্লেখযোগ্য যে, ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে বিধানসভাত আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰি দেশত এতিয়াও বহুলোকৰ বৈধ নথিপত্ৰ নথকা বুলি কয়। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আইনখন সংশোধনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰহণ কৰা সিদ্ধান্তক পুনৰ বিবেচনাৰো আহ্বান জনায়।

Previous ক’ৰোনা ভাইৰাছক লৈ ছ’চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই আৰক্ষীৰ ৰোষত এজন
Next মহামাৰী ক'ৰোণাৰ সাম্ভাব্য সংক্ৰমণৰ বিৰুদ্ধে সষ্টম ৰাজ্য চৰকাৰ; সৰুসজাই ষ্টেডিয়ামত বৃহৎ ‘Isolation Centre’ নিৰ্মাণ

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *