ক’ৰোনাতংক; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গোলাঘাট, ১৬ মাৰ্চ, ২০২০ঃ- বৰ্তমান সময়ত আতংকৰ আন এটা নাম হ’ল ক’ৰোনা ভাইৰাছ। সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষত ভাইৰাছবিধৰ বাবে ক্ৰমাৎ বৃদ্ধি পাই আহিব ধৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দেওবাৰে এক সংবাদমেলৰ জৰিয়তে জাৰি কৰা জাননী অনুসৰি অহা ২৯ মাৰ্চ তাৰিখলৈকে অসমত স্কুল, কলেজ, বিশ্ববিদ্যালয়, চিনেমা হল, জিম, ছুইমিং পুল আদি বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এই ঘোষণাৰ পাছতেই বিশ্ব পৰ্যটনস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো লোৱা হৈছে ব্যাপক সতৰ্কতা। যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই উদ্যানখনত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে।

Previous ভাৰতত ক'ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১০জনলৈ বৃদ্ধি
Next ক’ৰোনাতংক; নগাঁৱত আৱদ্ধ ফ্ৰান্সৰ তিনি পৰ্যটক

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *