ক’ৰোনাতংক; নগাঁৱত আৱদ্ধ ফ্ৰান্সৰ তিনি পৰ্যটক


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নগাঁও, ১৬ মাৰ্চ, ২০২০ঃ- সাম্প্ৰতিক সময়ছোৱাত ক’ৰোনা ভাইৰাছে চৌদিশে আতংকময় পৰিৱেশৰ বিৰাজ কৰিছে। বিশ্বৰ আন আন দেশৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষতো এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে। যিহেতু বিদেশী পৰ্যটক আৰু বিদেশত কৰ্মৰত, অধ্যয়নৰত ভাৰতীয় লোকৰ গাত এই ভাইৰাছবিধৰ অৱস্থিতি অধিক মাত্ৰাত দেখা পোৱা গৈছে সেয়েহে তেনে লোকৰ প্ৰতি মানুহৰ শংকা স্বাভাৱিকৰূপত বৃদ্ধি পাব ধৰিছে। তাৰেই প্ৰতিফলন ঘটিল নগাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা নগাঁৱত আৱদ্ধ হ’ল ফ্ৰান্সৰ তিনি পৰ্যটক। জানিব পৰা মতে দেওবাৰে সন্ধিয়া নগাঁৱৰ বৰঘাট বাইপাছত চাইকেল চলাই অহা পেৰিছৰ তিনিগৰাকী পৰ্যটকক বৰঘাট আৰক্ষীয়ে আৱদ্ধ কৰি স্বাস্থ্য বিভাগক অৱগত কৰে।

Previous ক’ৰোনাতংক; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ
Next ক’ৰোনা ভাইৰাছক লৈ ছ’চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই আৰক্ষীৰ ৰোষত এজন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *