ক’ৰোনা ভাইৰাছক লৈ ছ’চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই আৰক্ষীৰ ৰোষত এজন


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ মাৰ্চ, ২০২০ঃ- আতংকৰ আন এটা নাম হৈ পৰা ক’ৰোনা ভাইৰাছক লৈ ভুৱা প্ৰচাৰ চলাই আৰক্ষীৰ ৰোষত পৰিল এজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি, মাৰাত্মক ভাইৰাছবিধক লৈ ছ’চিয়েল মিডিয়াত এটা ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি পুনে এজন যুৱক আৰক্ষীৰ জালত পৰিবলগীয়া হয়। জানিব পৰা মতে, ভুৱা ভিডিঅ’ প্ৰচাৰ কৰা যুৱকজনৰ বিৰুদ্ধে কাৰেগাঁও আৰক্ষী চকীত গোচৰ ৰুজো কৰা হৈছিল। সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ৰোনা ভাইৰাছক লৈ যাতে কোনোৱে ভুৱা প্ৰচাৰ কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিছে।

Previous ক’ৰোনাতংক; নগাঁৱত আৱদ্ধ ফ্ৰান্সৰ তিনি পৰ্যটক
Next ‘কা’ৰ বিৰুদ্ধে তেলেংগানা বিধানসভাত প্ৰস্তাৱ গৃহীত; কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক পুনৰ বিবেচনাৰ আহ্বান মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *