ৰেলৰ দবাক অস্থায়ী আইচ’লেছন কেবিনলৈ উন্নীত; COVID-19 বিৰুদ্ধে যুঁজিবলৈ তৎপৰ ৰে’ল বিভাগ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ মাৰ্চ, ২০২০ঃ- বিশ্বৰ চৌদিশে সংহাৰৰ সৃষ্টি কৰা ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ তৎপৰ হৈছে ভাৰতীয় ৰে’ল বিভাগ। দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দিশটোলৈ লক্ষ্য ৰাখি ভাৰতীয় ৰে’ল বিভাগে ৰেলৰ দবাক অস্থায়ী আইছ’লেছন কেবিনৰূ হিচাপে গঢ়ি তুলিছে। উল্লেখযোগ্য যে, অসমত কামাখ্যা ৰে’ল ষ্টেচনতো ৰে’লৰ দবাক অস্থায়ী আইছ’লেটেড কেবিন হিচাপে গঢ়ি তোলা হৈছে। মন কৰিবলগীয়া কথা যে, ভাৰতত ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অহা ১৪ এপ্ৰিল পৰ্যন্ত ৰে’লসেৱা বাতিল কৰা হৈছে।

Previous ২১ দিনীয়া লকডাউনত মূৰে-কপালে হাত দিছে কলিয়াবৰৰ ২০০ তৰমুজ খেতিয়কে; চৰকাৰক সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান
Next ভাৰত চৰকাৰৰ COVID-19বিৰোধী যুঁজলৈ টাটা ট্ৰাষ্টৰ ৫০০ কোটি টকাৰ অনুদান

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *