ব্ৰেকিং নিউজ! ত্ৰিপুৰাৰ প্ৰথমজন COVID-19 পজিটিভ লোক চিনাক্ত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৬ এপ্ৰিল, ২০২০ঃ- উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন COVID-19 পজিটিভ মণিপুৰৰ ২৩ বৰ্ষীয় যুৱতী ক’ৰোণামুক্ত হোৱাৰ বাতৰিয়ে যিসময়ত সকলোৰে বাবে এটা আশাৰ বতৰা কঢ়িয়াই আনিছে সেইসময়তে ত্ৰিপুৰাবাসীৰ বাবে এটা দুখৰ খবৰ। টাৰণ ৰাজ্যখনত ধৰা পৰিছে প্ৰথমজন COVID-19 পজিটিভ লোক। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী দীপ দেৱবৰ্মাই অনুসৰি ত্ৰিপুৰাত এগৰাকী মহিলা মাৰাত্মক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে, প্ৰচণ্ড জ্বৰত ভুগি বিগত এসপ্তাহ ধৰি গোমটি জিলাৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা মহিলাগৰাকীৰ নমুনা পৰীক্ষাত তেখেত COVID-19 পজিটিভ বুলি ধৰা পৰে। বৰ্তমান মহিলাগৰাকীক চিকিৎসকসকলে চিকিৎসা কৰি থকাৰ লগতে স্বাস্থ্য বিভাগে তেওঁৰ পৰিয়ালৰ লোকসকলক আৰু তেওঁৰ সংস্পৰ্শলৈ অহা লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

Previous ব্ৰেকিং নিউজ! উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন COVID-19 পজিটিভ মণিপুৰৰ ২৩ বৰ্ষীয় যুৱতী এতিয়া ক'ৰোণামুক্ত
Next ব্ৰেকিং নিউজ! ধুবুৰীত ১ জন লোক COVID-19ত আক্ৰান্ত; অসমত COVID-19 পজিটিভ লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *