আমিনুল ইছলামৰ মন্তব্য‌ই দেশৰ ধৰ্মনিৰপেক্ষতালৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।”:- নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ


নগাঁৱৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৭ এপ্ৰিল, ২০২০ঃ- চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য কৰা ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলামৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱে আজি এক সংবাদমেল আহ্বান কৰে। সংবাদমেলখনত আৰক্ষী অধীক্ষকগৰাকীয়ে এজন ব্যক্তিয়ে বিধায়ক আমিনুল ইছলামৰ এটা অডিঅ’ ক্লিপ সন্দৰ্ভত দিয়া এটা গোচৰৰ ভিত্তিত বিধায়কজনক সোমবাৰে সন্ধিয়া সোধপোছৰ বাবে আটক কৰি জেৰা কৰা বুলি উল্লেখ কৰে। জেৰাত বিধায়কগৰাকীয়ে চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষ তথা আন আন ব্যৱস্থাৰ ওপৰত বিভিন্ন সন্দেহ প্ৰকাশেৰে এটা অডিঅ’ ক্লিপ ৰেকৰ্ড তথা প্ৰচাৰৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষী অধীক্ষকজনে উল্লেখ কৰে। সংবাদমেলত আৰক্ষী অধীক্ষকজনে সদৰী কৰা মতে আৰক্ষীয়ে বিধায়কজনে ৰেকৰ্ডিং কৰা ম’বাইল যোৱাকালি নিশায়েই জব্দ কৰে। উল্লেখযোগ্য যে, অডিঅ’ ক্লিপটোত থকা বিধায়ক আমিনুল ইছলামৰ মন্তব্য‌ই দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰা বুলি আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰাৰ লগতে উক্ত অডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। বিধায়কজনৰ বিৰুদ্ধে নগাওঁ আৰক্ষীয়ে ৮৭৭/ ২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/১৫৩(এ)/১২৪(এ)/২৯৫(এ) গোচৰ ৰুজু কৰি তেখেতক মঙলবাৰে গ্ৰেপ্তাৰ কৰি পুৱা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া জিম্মাত কটোৱাৰ পিছতে আৰক্ষীৰ বেষ্টনীৰ মাজেৰে দুপৰীয়া নগাঁও জিলা দণ্ডাধীশ আদালতত হাজিৰ কৰায় বুলি কয়। আনহাতে, বিধায়কজনক ১৪ দিনৰ জিম্মাত বিচাৰি আদালতত আৰক্ষীয়ে আৱেদন জনাইছিল যদিও আদালতে বিধায়কজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে বুলি আৰক্ষী অধীক্ষকজনে জনায়। মন কৰিবলগীয়া কথা যে, কোনো বিধায়কক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে যিহেতু বিধানসভাৰ অধ্যক্ষৰ অনুমতি ল’ব লাগে সেয়েহে সকলো আমিনুল ইছলামৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সকলো তথ্য পাতি চোৱাৰ পাছত বিধানসভাৰ অধ্যক্ষ‌ই বিধায়কজনক গ্ৰেপ্তাৰৰ অনুমতি প্ৰদান কৰে বুলি সংবাদমেলত তেখেতে কয়। এইখিনিতে উল্লেখনীয় কথা যে, বিধায়কজনৰ হৈ নগাৱঁৰ সত্ৰ ন্যায়াধীশৰ আদালতত অধিবক্তা আবু হুছেইন খণ্ডকাৰে জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে উক্ত আৱেদন নাকচ কৰে।

Previous ব্ৰেকিং নিউজ! হাইলাকান্দিত ১ জন লোক COVID-19ত আক্ৰান্ত; অসমত COVID-19 পজিটিভ লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি
Next ফেচবুকত উৰাবাতৰি প্ৰচাৰ কৰি নলবাৰী আৰক্ষীৰ জালত এজন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *