“আমিনুল ইছলাম নিজেই এটা ভাইৰাছ”:- বিধায়ক ৰূপক শৰ্মা


নগাঁৱৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৭ এপ্ৰিল, ২০২০ঃ-ৰাজ্য চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ AIUDF বিধায়ক আমিনুল ইছলাম সংক্ৰান্তত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নগাঁৱৰ বিধায়কজনে আমিনুল ইছলামৰ তেনে কাৰ্যক তীব্ৰ নিন্দা প্ৰকাশ কৰে। ধিঙৰ বিধায়কজনে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশেৰে তৈয়াৰ আৰু প্ৰচাৰ কৰা অডিঅ’ ক্লিপটোৰ সন্দৰ্ভত আচৰ্য প্ৰকাশ কৰে। ইয়াৰোপৰি মাৰাত্মক COVID-19ক ৰোধ কৰিবলৈ চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীয়ে কৰি থকা নিৰৱিচ্ছিন্ন প্ৰচেষ্টাক ধিঙৰ বিধায়কজনে এনেদৰে সমালোচনা কৰাত বিধায়ক ৰূপক শৰ্মাই দুখ প্ৰকাশ কৰে। আমিনুল ইছলামৰ মন্তব্য‌ই সমাজৰ একাংশ লোকৰ মনত স্বাস্থ্য বিভাগৰ প্ৰতি শংকাৰ সৃষ্টি কৰিব বুলি বিধায়ক শৰ্মাই কোৱাৰ লগতে নিজৰ কথাৰ প্ৰসংগত AIUDFৰ বিধায়কজনক এটা ভাইৰাছ বুলিও প্ৰকাশ কৰে।

Previous উচতনিমূলক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হোৱা AIUDF বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Next ব্ৰেকিং নিউজ! হাইলাকান্দিত ১ জন লোক COVID-19ত আক্ৰান্ত; অসমত COVID-19 পজিটিভ লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *