ফেচবুকত উৰাবাতৰি প্ৰচাৰ কৰি নলবাৰী আৰক্ষীৰ জালত এজন


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নলবাৰী, ৭ এপ্ৰিল, ২০২০ঃ- ছচিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ কৰি নলবাৰী আৰক্ষীৰ হাতত এজন লোক গ্ৰেপ্তাৰ হ’বলগীয়া হয়। প্ৰাপ্ত তথ্য অনুসৰি, মাৰাত্মক COVID-19 সংক্ৰান্তত সাম্প্ৰদায়িক উৰাবাতৰি প্ৰচাৰ কৰা উমেশ চন্দ্ৰ ঠাকুৰীয়া নামৰ এজন ব্যক্তিক আজি নলবাৰী আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যে, বিগত সময়চোৱাত একাধিক সাম্প্ৰদায়িক উৰাবাতৰি প্ৰচাৰ কৰা ব্যক্তিজনক টিহু আৰক্ষী থানাৰ ৫৮/2020 নম্বৰ গোচৰৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩(ক)/২৯৫(ক) আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ ধাৰাৰ অধীনত নলবাৰী আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি সমাজত ভীতি আৰু শংকাৰ সৃষ্টি কৰা এচাম দুষ্ট চক্ৰৰ লোকৰ বিৰুদ্ধে নলবাৰী জিলা আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।

Previous আমিনুল ইছলামৰ মন্তব্য‌ই দেশৰ ধৰ্মনিৰপেক্ষতালৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।":- নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ
Next বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকাত COVID-19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৪ লাখ; ১২,৮৫৭ জনৰ মৃত্যু

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *