পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ; দিল্লীত পোষ্টাৰিং

Read More

দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ

Read More

নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ১৬ মে’, ২০১৯ঃ- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ অন্তিম সময়সীমালৈ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰত এন.আৰ.চি.ৰ কামত নিয়োজিত এজন চৰকাৰী বিষয়া সন্ধানহীন হোৱাৰ ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত দিগন্ত শইকীয়া বুধবাৰে পুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ থকা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মঙলদৈ, ১৬ মে’, ২০১৯ঃ- বুধবাৰে নিশা মঙলদৈত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মঙলদৈৰ সমীপৰ কেৰিমেৰিত এখন টাটা মেজিক গাড়ীত এখন স্কুটিয়ে খুন্দা মাৰে। উল্লেখযোগ্য যে, উক্ত পথ দুৰ্ঘটনাত ৰজনী কলিতা আৰু বিকাশ সন্যাসী নামৰ যুৱক স্কুটি আৰোহী দুজন নিহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,  মুকালমুৱা, ১৬ মে’, ২০১৯ঃ- অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই বৃহস্পতিবাৰে পুৱাই মুকালমুৱা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি এগৰাকী চিকিৎসকক চাকৰি পৰা নিলম্বন কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্যৰ সৈতে পুৱাই মুকালমুৱা চিকিৎসালয়ত উপস্থিত হয়। ইয়াৰ পাছতেই তেখেতে চিকিৎসালয়খনত কৰ্তব্যৰত সকলো চিকিৎসক, নাৰ্চ তথা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৫ মে’, ২০১৯ঃ- বহু উৎকন্ঠাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। বুধবাৰে পুৱা ৯ বজাৰ লগে লগে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত অনুষ্ঠিত হোৱা ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যজুৰি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কাইলৈ অৰ্থাৎ ১৫ মে’ তাৰিখ বুধবাৰে ঘোষণা হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, পুৱা ৯ বজাৰ লগে লগেই ৰাজ্যজুৰি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছাৰ চূড়ান্ত ফলাফলসমূহ। অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ১৩টা ৱেবচাইটৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কিছুদিন পূৰ্বে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা #ME TOO এইবাৰ দেখা গ’ল চিকিম বিশ্ববিদ্যালয়ত। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক শিলাজিৎ গুহৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত অসমৰ এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  এই অভিযোগৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- নগাঁও কলেজৰ প্ৰাক্তন অধ্যাপক কমল চন্দ্ৰ গোস্বামী আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰবীণ শিক্ষাবিদগৰাকীয়ে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, ডি ৱাই-৩৬৫ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ পিতৃ প্ৰয়াত কমল চন্দ্ৰ গোস্বামী প্ৰয়াত কমল চন্দ্ৰ গোস্বামী নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ হোৱাৰ লগতে গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ প্ৰতিস্থাপক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱ্হাটী, ৮ মে’, ২০১৯ঃ- ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হৈছে এক বিশেষ বক্তৃতানুষ্ঠানৰ। প্ৰাপ্ত তথ্য অনুসৰি, অহা ৯ মে’ তাৰিখে সাহিত্য সভাৰ গুৱাহাটীস্থ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজন কৰা হৈছে ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ। উল্লেখযোগ্য যে, উক্ত বক্তৃতানুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৮ মে’, ২০১৯ঃ- অহা ৩১ জুলাইত প্ৰকাশ পাব এন.আৰ.চি.ৰ চূড়ান্ত খচৰা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ শুনানিত মহামান্য ন্যায়ালয়ে এই এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত দুজনীয়া বিচাৰপীঠত অনুষ্ঠিত এই শুনানিত ন্যায়ালয়ে এন.আৰ.চি.ৰ ওজৰ আপত্তিসমূহ নিয়ম অনুসৰি নিষ্পত্তিৰ নিৰ্দেশো প্ৰদান …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৮ মে’, ২০১৯ঃ- বুধবাৰে গুৱাহাটী মহানগৰীত এক অঘটন সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ নটবমাত কুঁৱা চাফা কৰি থাকোতে সংঘটিত দুৰ্ঘটনাত বাছু আলী নামৰ শ্ৰমিকে নিজৰ প্ৰাণ হেৰুওৱায়। উল্লেখযোগ্য যে, উক্ত ঘটনাটোত জাকিৰ হুছেইন নামৰ আন এজন শ্ৰমিকো আহত হয়।