Posts in category

আঞ্চলিক


ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৯ মে’ত সাহিত্য সভাৰ উদ্যোগত ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠান; নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চিন্ময় হাওলাদাৰ

Read More

মহানগৰীৰ নটবমাত কুঁৱা চাফা কৰি থাকোতে সংঘটিত দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু; আহত ১

Read More

গুৱাহাটী প্ৰেছ ক্লাবত জুপিতৰা দেৱীৰ কাব্য সংকলন ‘শেহান্তৰ’ উন্মোচন

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱ্হাটী, ৮ মে’, ২০১৯ঃ- ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হৈছে এক বিশেষ বক্তৃতানুষ্ঠানৰ। প্ৰাপ্ত তথ্য অনুসৰি, অহা ৯ মে’ তাৰিখে সাহিত্য সভাৰ গুৱাহাটীস্থ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজন কৰা হৈছে ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ। উল্লেখযোগ্য যে, উক্ত বক্তৃতানুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৮ মে’, ২০১৯ঃ- বুধবাৰে গুৱাহাটী মহানগৰীত এক অঘটন সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ নটবমাত কুঁৱা চাফা কৰি থাকোতে সংঘটিত দুৰ্ঘটনাত বাছু আলী নামৰ শ্ৰমিকে নিজৰ প্ৰাণ হেৰুওৱায়। উল্লেখযোগ্য যে, উক্ত ঘটনাটোত জাকিৰ হুছেইন নামৰ আন এজন শ্ৰমিকো আহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুক্ৰবাৰে উন্মোচন হ’ল জুপিতৰা দেৱীৰ দ্বিতীয় কাব্য সংকলন ‘শেহান্তৰ’। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক উন্মোচনী অনুষ্ঠানত বহুকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে এই কাব্য সংকলনখনি উন্মোচন কৰে। উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি প্ৰবক্তা হিচাবে কৰ্মৰত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুক্ৰবাৰে কামৰূপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপৰ মদনপুৰত এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত বাইকত থকা দুজন যুৱক থিতাতে নিহত হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- খোদ অসমতেই এলাগী হ’ল মাতৃভাষা অসমীয়া। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাণৰো প্ৰাণ মাতৃভাষাটিৰ স্বকীয় বৈশিষ্ট্যক জলাঞ্জলি দি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ চৰকাৰী ৱেবচাইটত কামৰূপ শব্দটোত ূ কাৰৰ সলনি ব্যৱহাৰ কৰা হৈছে ু কাৰৰ অৰ্থাৎ কামৰূপৰ ঠাইত লিখা হৈছে কামৰুপ। উল্লেখযোগ্য যে, এজন অসমীয়া প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে গুৱাহাটী মহানগৰীক। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ কামাখ্যা গে’টৰ এটি ভাৰাঘৰত দেওবাৰে ঋতু সিং নামৰ এগৰাকী ছাত্ৰীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। উল্লেখযোগ্য যে, কে.আৰ.বি. ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক ভাৰাঘৰৰ মালিক বকুল দাসে হত্যা কৰা বুলি তেওঁৰ পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ মাৰ্চ, ২০১৯ঃ- উত্তৰ গুৱাহাটীৰ জি.এন.আৰ.চি.ত সংঘটিত হ’ল এক লজ্জাজনক ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়খনৰ আই.চি.ইউ.ত ভৰ্তি হোৱা এগৰাকী ৰুগীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰহাতত আটক হ’ল চানমহম্মদ আলী নামৰ এজন স্বাস্থ্যকৰ্মী। উল্লেখযোগ্য যে, মহিলা স্বাস্থ্যকৰ্মীৰ অনুপস্থিতিত লম্পট স্বাস্থ্যকৰ্মীজনে আই.চি.ইউ.ৰ বিদ্যুত সংযোগ ব্যাহত কৰি ১৩ বছৰীয়া কিশোৰীগৰাকীক নিশাৰ ভিতৰত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৫ মাৰ্চ, ২০১৯ঃ- ৰাজ্যৰ বিভিন্ন জ্বলন্ত বিষয়ক লৈ ছ’চিয়েল মিডিয়াত সচৰাচৰ সক্ৰিয় ৰূপত দেখা পোৱা অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীয়ে সংগঠনৰ কাম-কাজৰ দোহাই দি হোজাই জিলাৰ কাকীৰ এগৰাকী মহিলাক অপহৰণ কৰি নেপালত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৫ মাৰ্চ, ২০১৯ঃ- আজিৰে পৰা শৰাইঘাটৰ পুৰণি দলঙত যান-বাহন বন্ধ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মেৰামতিৰ বাবে আজি পুৱাৰে পৰা দলংখনত যান–বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে, পুৰণি দলংখনৰ কেইবা ঠাইতো ফাঁট মেলাত লোৰ প্লেটেৰে ঢাকি যাতায়াত অব্যাহত ৰখা হৈছিল। ৩ মাহৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা দলংখনত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০১৯ঃ- পুনৰ আদালত চৌহদত উচ্চাৰিত হ’ল ভাগ্য কলিতাৰ নাম। প্ৰাপ্ত তথ্য অনুসৰি, কৰবী-দুৱৰী হত্যাকাণ্ড সন্দৰ্ভত অনুসন্ধানকাৰী সংস্থা চি.বি.আই.য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এক আৱেদনৰ ভিত্তিত বৃহস্পতিবাৰে আদালতে শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ১৯৯৫ চনতেই সংঘটিত হোৱা মাতৃ-কন্যাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ভাগ্য কলিতাক নিম্ন আদালতে দোষমুক্ত …