বানিজ্য

‘এৰিকচন’ কোম্পানীক ৪৫০ কোটি টকা আদায় দিবলৈ অনিল আম্বানিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ; ধনৰাশি আদায় নিদিলে জৰিমনাসহ খাটিব লাগিব কাৰাবাস
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০১৯ঃ- বিপদত দেশৰ প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানী। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় উচ্চতম ন্যায়ালয়ে ‘এৰিকচন’ কোম্পানীক ৪৫০ কোটি টকা আদায় দিবলৈ উদ্যোগপতিগৰাকীক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, ৰিলায়েঞ্চ কমিউনিকেশ্ব্যনৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীয়ে ৪ সপ্তাহৰ ভিতৰত আদায় নিদিলে ৩ মাহৰ কাৰাবাস আৰু ১ কোটি টকাৰ অতিৰিক্ত জৰিমনা বিহিব লাগিব বুলিও দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে জানিবলৈ দিয়ে৷ উদ্যোগপতি অনিল আম্বানীক দিয়া নিৰ্দেশে চৌদিশে চৰ্চা লাভ কৰিছে।

লক্ষৌত নৰেন্দ্ৰ মোদীৰ ৬০ হাজাৰ কোটিৰ ৮১ টা যোজনাৰ আধাৰশিলা স্থাপন; কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অংশগ্ৰহণ
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., লক্ষৌ, ২৯ জুলাই, ২০১৮ঃ- দেওবাৰে উত্তৰপ্ৰদেশত ৮১ টা যোজনাৰ আধাৰশিলা স্থাপনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিত এক বিৰল অভিলেখৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ ৰাজধানী লক্ষৌস্থিত ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত আয়োজিত এক আড়ম্বৰপূৰ্ণ কাৰ্য্যসূচীৰ জৰিয়তে সৰ্বমুঠ ৬০ হাজাৰ কোটিৰ উক্ত যোজনাসমূহৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত …

ভাৰতীয় ইতিহাসৰ সৰ্ববৃ্হৎ ই-কমাৰ্চ চুক্তিৰে ১.৫ লাখ কোটিত বিক্ৰী হ’ল ফ্লিপকাৰ্ট
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., নতুন দিল্লী, ১০ মে’, ২০১৮ঃ- ভাৰতীয় ইতিহাসৰ সৰ্ববৃ্হৎ ই-কমাৰ্চ চুক্তিৰে বিক্ৰী হ’ল ফ্লিপকাৰ্ট। প্ৰাপ্ত তথ্য অনুসৰি, এক ঐতিহাসিক চুক্তিৰে ১৬ আৰৱ কোটি অৰ্থাৎ ১.০৫ লাখ কোটি টকাত আমেৰিকাৰ ৰিটেইল কোম্পানী ৱালমাৰ্টৰ হাতত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ অনলাইন কোম্পানীটো বিক্ৰী হয়। উল্লেখযোগ্য যে, দিল্লী আই.আই.টিৰ. দুজন বন্ধু বিন্নী বাঞ্চাল আৰু শচীন বাঞ্চালে বিশ্বৰ অন্যতম বৃহৎ শ্বপিং …

গুৰু গােবিন্দ সিঙৰ ৩৫০ সংখ্যক জয়ন্তী উপলক্ষে অচিৰেই ৰিজাৰ্ভ বেংকৰ ৩৫০ টকীয়া মুদ্ৰা
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., ২৮ মাৰ্চ, ২০১৮ঃ- অতিশীঘ্ৰে বজাৰলৈ আহিব ৰিজাৰ্ভ বেংকৰ ৩৫০ টকীয়া মুদ্ৰা। প্ৰাপ্ত তথ্য অনুসৰি, গুৰু গােবিন্দ সিঙৰ ৩৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰিজাৰ্ভ বেংকে এই নতুন মুদ্রা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, ৪৪ মিলিমিটাৰৰ উক্ত মুদ্রাটোত ৫০ শতাংশ ৰূপ, ৪০ শতাংশ কপাৰ, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংক …

মিৰ্জাপুৰ সৌৰ বিদ্যুৎ কেন্দ্ৰ উদ্বোধনত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুয়েল ম্যাক্ৰন
ডিজিটেল ডেস্ক, ৰিপাব্লিক এন.ই., ১২ মাৰ্চ, ২০১৮ঃ- সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুয়েল ম্যাক্ৰনে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ বৃহত্তম সৌৰ বিদ্যুৎ কেন্দ্ৰ উদ্বোধন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়ক তথা মূখ্যমন্ত্ৰী যোগী আদিত্যনাথে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী আৰু তেখেতৰ পত্নী ব্ৰিগিটক স্বাগতম জনোৱাৰ পাছতেই ছানৱে বল্কস্থিত দাদৰ কংলালৈ …

“এডভাণ্টেজ আছাম আছিয়ান(ASEAN)’ৰ এক্সপ্ৰেছ ৱে” :-প্ৰধানমন্ত্ৰী মোদী; ৰাজ্যৰ বহুকেইটা ক্ষেত্ৰত ২,৫০০ কোটি বিনিয়োগৰ ঘোষণা মুকেশ আম্বানিৰ
ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩ ফেব্ৰুৱাৰী, ২০১৮ঃ- শনিবাৰৰ পৰা আৰম্ভ হোৱা ‘দ্যা এডভাণ্টেজ আছামঃ গ্ল’ৱেল ইনভেষ্টৰ্ছ চামিট ২০১৮’ৰ বাবে গুৱাহাটীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্মিলনখন উদঘাটনৰ বাবে অসমলৈ ঢাপলি মেলা প্ৰধানমন্ত্ৰীগৰাকীক বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। তেখেতৰ ওপৰিও এই সন্মিলনখনত …

২০১৮ চনত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৭.৫ %লৈ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা
অনলাইন ডেস্ক, ১৩ ডিচেম্বৰ, ২০১৭ঃ – গ্ল’বেল ইনভেষ্টমেন্ট বেংক চমুকৈ জি. আই. বি.ৰ এছিয়া-হেডকোৱাৰ্টাৰ নমুৰাইয়ে ২০১৮ চনত ভাৰতৰ অৰ্থব্যৱস্থাৰ ৭.৫ % হাৰত বৃদ্ধি কৰাৰ অনুমান ব্যক্ত কৰিছে। লগতে ভাৰতৰ অৰ্থব্যৱস্থা সক্ৰিয় সংশোধনৰ দিশত আছে বুলিও উল্লেখ কৰে। ২০১৭ চনৰ দ্বিতীয় ত্ৰিমাসিকত ভাৰতৰ ঘৰুৱা উৎপাদন অৰ্থাৎ জি.ডি.পি. ৰ অনুপাত বাৰ্ষিক ভিত্তিত ৫.৭ %লৈ হ্ৰাস পাইছিল যদিও তৃতীয় …

ভোদাফোনৰ সৈতে ২,২০০ টকাৰ আকৰ্ষণীয় কেছবেক অফাৰ মাইক্ৰমেক্স স্মাৰ্ট ফোনৰ
অনলাইন ডেস্ক, ২ ডিচেম্বৰ, ২০১৭: টেলিকম কোম্পানী ভোদাফোনে উন্মোচন কৰিছে এক নতুন তথা আকৰ্ষনীয় কেছ্ বেক অফাৰ ।মাইক্ৰমেক্সৰ সৈতে অংশীদাৰিত্বৰে কোম্পানীটোৱে আৰম্ভ কৰিছে এই নতুন অফাৰ। মাইক্ৰমেক্সৰ সস্তীয়া ফ’ৰ জি স্মাৰ্ট ফোন ক্ৰয় কৰিলে গ্ৰাহকে ২,২০০ টকাৰ কেছ্ বেক পাব ভোদাফোনৰ পৰা।কোম্পানীটোৰ মতে, এনে কৰাৰ মূল উদ্দেশ্যই হৈছেফ’ৰ জি স্মাৰ্ট ফোনৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰা। কেছবেক অফাৰটো কেৱল ভোদাফোনৰ নতুন আৰু পুৰণি গ্ৰাহকেহে লাভ কৰিব পাৰিব। এই অফাৰ বিশেষকৈ মাইক্ৰমেক্সৰনতুন ‘ভাৰত টু প্লাচ্’, ‘ভাৰত থ্ৰী’, ‘ভাৰত ফ’ৰ’ আৰু ‘কেনভাচ ৱান’তহে উপলব্ধ। ভোদাফোনৰ এই আকৰ্ষণীয় অফাৰ্টো লাভ কৰিবলৈ গ্ৰাহকসকলে কিছু চৰ্ত পালন কৰিবলাগিব। গ্ৰাহকসকলে ৩৬ মাহলৈ কমেও ১৫০ টকাৰ ৰিচাৰ্জ কৰালেহে এই অফাৰ লাভৰ সুবিধা পাব। অৰ্থাৎ তেওঁলোকে ৩৬ মাহত ৫,৪০০ টকা দিব লাগিব। অফাৰৰ মূল্যপ্ৰাপ্ত গ্ৰাহকক প্ৰথম ১৮ মাহত ১১ টকা আৰু পাছৰ ১৮ মাহত বাকী ১১ টকাৰ কেছ্ বেক দিয়া হ’ব আৰু সেই টকা ভোডাফোনৰ ‘এম-পেছা ৱালেট’লৈ জমা হব। এই অফাৰৰবিষয়ে ভোডাফোন ইন্দিয়াৰ উপভোক্তা ব্যৱসায়ৰ সহযোগী পৰিচালক অবনীশ খোছলাই কয় যে, ‘এই আচনি ভোডাফোন চুপাৰনেট ফ’ৰ জি ৰ বাবে তৈয়াৰ কৰা হৈছে।অলপতে আমি মাইক্ৰমেক্সৰ সৈতে অংশীদাৰিত্ব কৰিছো যাৰ জৰিয়তে ৯৯৯ টকাত ইফেক্টিভ স্মাৰ্ট ফোন উন্মোচন কৰা হৈছে। আমি এই আচনিৰ জৰিয়তে গ্ৰাহকেমাইক্ৰমেক্সৰ ফ’ৰ জি স্মাৰ্ট ফোন ক্ৰয় কৰিলে তেওঁলোকক কেছবেক অফাৰ আগবঢ়াই আছো।’ উল্লেখনীয় যে ২,২০০ টকাৰ কেছবেকৰ পাছত মাইক্ৰমেক্সৰ ‘ভাৰত টু প্লাচ্’ৰইফেক্টভ মূল্য ১,৫৪৯ টকা হয়গৈ যাৰ আচলত মূল্য ৩,৭৪৯টকা। আনহাতে ‘ভাৰত থ্ৰী’ৰ বৰ্তমান ইফেক্টিভ মূল্য ২,২৯৯ টকা আৰু ‘ভাৰত ফ’ৰ’ৰ ইফেক্টভ মূল্য এতিয়া২,৭৯৯ টকা হৈছে।