ক্ৰীড়া

যোৰহাটৰ সন্তান দিপু দত্তৰ শিৰত ‘আই.বি.বি.এফ. মিষ্টাৰ ইণ্ডিয়া ২০১৯’ৰ খিতাপ
ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ২ এপ্ৰিল, ২০১৯ঃ- আন এক অসম সন্তানে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলালে নিজৰ ৰাজ্যৰ নাম। প্ৰাপ্ত তথ্য অনুসৰি, ‘আই.বি.বি.এফ. মিষ্টাৰ ইণ্ডিয়া ২০১৯’ দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰিলে যোৰহাটৰ দিপু দত্তই। উল্লেখযোগ্য যে, তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈছিল হোৱা দেহশ্ৰী প্ৰতিযোগিতাখনত অসম সন্তানজনে লাভ কৰা এই সফলতাই সমগ্ৰ ৰাজ্যবাসীক গৌৰান্বিত কৰি …

বেংগালুৰু এফ.চি.ৰ শিৰত আই.এছ.এল.ৰ খিতাপ
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- বেংগালুৰু এফ.চি.ৰ শিৰত উজ্জ্বলিল আই.এছ.এল.ৰ খিতাপ। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত হোৱা হাইভল্টেজ ফাইনেলত বেংগালুৰু এফ.চি.য়ে এফ.চি. গোৱাক ১-০ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে, নিৰ্ধাৰিত ৯০ মিনিটত গ’লশূন্যভাৱে ড্ৰ’ হোৱাত সময়সীমা বৃদ্ধি কৰা হয় আৰু খেলৰ ১১৮ মিনিটত বেংগালুৰুৰ হৈ ৰাহুল ভেকে একমাত্ৰ গ’লটো প্ৰদান কৰে।

৩ বাৰৰ বিশ্ব চাইক্লিষ্ট চেম্পিয়ন কেলি কেটলিনৰ আত্মহত্যা
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০১৯ঃ- আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশ্ববিখ্যাত যুৱ ক্ৰীড়াবিদৰ আত্মহননৰ ঘটনাই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৩ বাৰৰ বিশ্ব চাইক্লিষ্ট চেম্পিয়ন ২৩ বছৰীয়া কেলি কেটলিনে সোমবাৰে আত্মহত্যা কৰে। উল্লেখযোগ্য যে, বিগত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু ৩ বাৰৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ক্ৰীড়াবিদগৰাকীয়ে মানসিকভাৱে হতাশাগ্ৰস্ত হৈ থকা বাবে …

৩৮সংখ্যক জী. ডি. আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়ালে শিৱ থাপাই
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১০ মাৰ্চ, ২০১৯ঃ- আন্তঃৰাষ্ট্ৰীয় বক্সিঙত পুনৰ এবাৰ জ্বিলিকি উঠিল অসমৰ বক্সাৰ শিৱ থাপা। প্ৰাপ্ত তথ্য অনুসৰি, ফিনলেণ্ডৰ হেলছিংকিত অনুষ্ঠিত ৩৮সংখ্যক জী. ডি. আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অৰ্জুন বঁটা বিজয়ী বক্সাৰগৰাকীয়ে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনৰ ফাইনেলত ফিনলেণ্ডৰ বক্সাৰ কাটভ আছলানে অসমৰ বক্সাৰগৰাকীক হাতত ৩-১ পইণ্টত পৰাজিত …

ফিননেণ্ডত অনুষ্ঠিত ৩৮সংখ্যক জী. ডি. আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ অসমৰ বক্সাৰ শিৱ থাপাৰ
অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১০ মাৰ্চ, ২০১৯ঃ- সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি সুখবৰ। কাৰণ অসমৰ বক্সাৰ শিৱ থাপা প্ৰৱেশ কৰিছে ৩৮সংখ্যক জী. ডি. আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত। প্ৰাপ্ত তথ্য অনুসৰি, ফিনলেণ্ডৰ হেলছিংকিত অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত অৰ্জুন বঁটা বিজয়ী বক্সাৰগৰাকীয়ে পোলেণ্ডৰ ডমিনিক পালাকক ৫–০ ব্যৱধানত পৰাস্ত কৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে, বক্সাৰগৰাকীয়ে …

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ সু-খবৰ; বাৰ্লিনৰ ৰাউণ্ড-ৰবীন বক্সিং চেম্পিয়নশ্বীপলৈ নিৰ্বাচিত হ’ল অসমৰ লাভলীনা বুঢ়াগোহাঁই আৰু ভাগ্যৱতী কছাৰী
ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ মাৰ্চ, ২০১৯ঃ- ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকললৈ সু-খবৰ। কাৰণ সুদূৰ বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া ৰাউণ্ড-ৰবীন বক্সিং চেম্পিয়নশ্বীপলৈ নিৰ্বাচিত হ’ল অসমৰ লাভলীনা বুঢ়াগোহাঁই আৰু ভাগ্যৱতী কছাৰী। প্ৰাপ্ত তথ্য অনুসৰি, বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত খেলুৱৈ দুগৰাকীয়ে বিশ্ব চেম্পিয়ন মেৰী কমৰ সৈতে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে, ২১ বৰ্ষীয় লাভলীনাই প্ৰতিযোগিতাখনৰ ৬৯ কেজি শাখাত অংশগ্ৰহণ কৰাৰ …

ৰাষ্ট্ৰীয় কাৰাটেত অসমক প্ৰতিনিধিত্ব কৰা কলিয়াবৰৰ দলৰ পদক অৰ্জন
কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- ৰাষ্ট্ৰীয় কাৰাটেত অসমক প্ৰতিনিধিত্ব কৰা কলিয়াবৰৰ দলে পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী ক্ৰীড়া সংকুলত অনুষ্ঠিত ইণ্ডিয়া অপেন কাপ-২০১৯ত এচ’চিয়েচন অৱ ট্ৰেডিচনেল শ্বট’কান কাৰাটে ড্যু খেলুৱৈৰ দলৰ দুজনে দুটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনৰ কাটা শাখাত পাচঁবছৰীয়া …

শুক্ৰবাৰৰ পৰা কলিয়াবৰত আৰম্ভ ‘আছাম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ ২০১৯’
কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৫ ফেব্ৰুৱাৰী, ২০১৯ঃ- শুক্ৰবাৰৰ পৰা কলিয়াবৰত আৰম্ভ হ’ল ‘আছাম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ ২০১৯’। প্ৰাপ্ত তথ্য অনুসৰি, অসম ক্ৰিকেট সন্থাৰ অধীনস্থ কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ্যোগত ড° টি. আও. গ্ৰাম্য ষ্টেডিয়ামত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে, মহকুমাটোৰ ১০ টাকৈ আগশাৰীৰ ক্লাৱে অংশগ্ৰহণ কৰা এই ক্ৰিকেট প্ৰতিযোগিতাখনৰ জৰিয়তে গ্ৰামাঞ্চলত …

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটেত অসমক প্ৰতিনিধিত্ব কৰিব কলিয়াবৰৰ ৮ জনীয়া খেলুৱৈৰ দলে
কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১২ ফেব্ৰুৱাৰী, ২০১৯ঃ- ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব কলিয়াবৰৰ ৮ জনীয়া খেলুৱৈৰ দলে। প্ৰাপ্ত তথ্য অনুসৰি, অহা ১৭ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী ক্ৰীড়া সংকুলত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া অপেন কাপ – ২০১৯ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব কলিয়াবৰৰ এছ’চিয়েচন অৱ ট্ৰেডিচনেল শ্বট’কান কাৰাটে ড্যু, অসমৰ হৈ আঠজন …

টিভি শ্ব’ত মহিলাৰ ওপৰত আপত্তিজনক মন্তব্য; ভাৰতীয় ক্ৰিকেট তাৰকা হাৰ্দিক পান্দিয়া আৰু কে. এল. ৰাহুলক নিলম্বন
ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১১ জানুৱাৰী, ২০১৯ঃ- ভাৰতীয় ক্ৰিকেট তাৰকা হাৰ্দিক পান্দিয়া আৰু কে. এল. ৰাহুলক সাময়িকভাৱে নিলম্বন কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বলিউডৰ বিশিষ্ট চলচিত্ৰ পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় টিভি শ্ব’ ‘কফি উইথ কৰণ’ত উদীয়মান ক্ৰিকেটাৰ দুগৰাকীয়ে মহিলাৰ ওপৰত আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হোৱাত চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে, …