Media archive

Videos


কামৰূপ নে কামৰুপ?

Read More

CABক লৈ বিজেপিক সমৰ্থন জনাইছে অসমবাসীয়ে; NEWS18 NETWORKৰ AGENDA INDIA অনুষ্ঠানত পৰোক্ষভাৱে এই কথা প্ৰকাশ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

Read More

১ এপ্ৰিলত ইছৰ’ৱে মহাকাশলৈ প্ৰেৰণ কৰিব PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- খোদ অসমতেই এলাগী হ’ল মাতৃভাষা অসমীয়া। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাণৰো প্ৰাণ মাতৃভাষাটিৰ স্বকীয় বৈশিষ্ট্যক জলাঞ্জলি দি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ চৰকাৰী ৱেবচাইটত কামৰূপ শব্দটোত ূ কাৰৰ সলনি ব্যৱহাৰ কৰা হৈছে ু কাৰৰ অৰ্থাৎ কামৰূপৰ ঠাইত লিখা হৈছে কামৰুপ। উল্লেখযোগ্য যে, এজন অসমীয়া প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ এপ্ৰিল, ২০১৯ঃ- নাগৰিকত্ব সংশোধনী বিধেয়ক অৰ্থাৎ CABক লৈ বিজেপিক সমৰ্থন জনাইছে অসমবাসীয়ে। এইকথা পৰোক্ষভাৱে প্ৰকাশ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। প্ৰাপ্ত তথ্য অনুসৰি, দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী NEWS18 NETWORKএ আয়োজন কৰা AGENDA INDIA শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে NEWS18 NETWORKৰ মুখ্য সম্পাদকৰ এক প্ৰশ্নৰ উত্তৰত এই …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- আন এক বৃহৎ কাৰ্যৰ দিশত অগ্ৰসৰ হৈছে Indian Space Research Organisation চমুকৈ ISRO। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ১ এপ্ৰিল তাৰিখ সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ভাৰতীয় সময় অনুসৰি পুৱা ৯ বাজি ৩০ মিনিটত PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০১৯ঃ- মঙলবাৰে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰ কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সংবাদসংস্থা ANIএ প্ৰকাশ কৰা তথ্য অনুসৰি, বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত বৈঠকখনত সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিবলগীয়া দলৰ ইস্তাহাৰ সন্দৰ্ভত বিশেষভাৱে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, এই …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০১৯ঃ- মানুহে নিজৰ দৈনন্দিন জীৱনত বিভিন্ন কাম-কাজ সম্পাদন কৰাৰ সময়ত যেতিয়াই ইন্টাৰনেটৰ ব্যৱহাৰ কৰে তেতিয়া এটা বিশেষ এপ্লিকেশ্ব্যনৰ সহায় লয়, সেইটো হ’ল WWW অৰ্থাৎ World Wide Web| আজিৰ দিনটোতেই এই WorldWideWebএ সম্পূৰ্ণ কৰিলে ৩০ টা বছৰ। প্ৰাপ্ত তথ্য অনুসৰি, আজিৰ পৰা ৩০ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৯ চনৰ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১১ মাৰ্চ, ২০১৯ঃ- সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্ম সন্মান প্ৰদান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ১১২ গৰাকী ব্যক্তিক পদ্মবিভূষণ, ৫৬গৰাকীক পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিঙকে প্ৰমুখ্য কৰি আন বহুকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অসমৰ বিশিষ্ট উদ্ভাৱক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১১ মাৰ্চ, ২০১৯ঃ- তেজপুৰৰ সাংসদ আৰ. পি শৰ্মাৰ এক সাক্ষাৎকাৰে অসমৰ ৰাজনৈতিক জগতখনত তুমূল আলোড়নৰ সৃষ্টি কৰিছে। ৰাজ্যৰ আগশাৰীৰ সংবাদগোষ্ঠী অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰ সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰাৰ পাছতেই এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, উক্ত সাক্ষাৎকাৰটোত বিজেপিৰ জ্যেষ্ঠ সাংসদজনে সমাগত নিৰ্বাচনৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১১ মাৰ্চ, ২০১৯ঃ- লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুৱাহাটী মহানগৰীত উলিওৱা হ’ল Run For Vote ৰেলীৰ। প্ৰাপ্ত তথ্য অনুসৰি, অহা ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত সকলো লোককে ভোটদানৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ উদ্যোগত তথা কামৰূপ মহানগৰ প্ৰশাসনৰ সহযোগত মহানগৰীৰ লতাশিল খেলপথাৰত এই সজাগতা ৰেলীৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৯ মাৰ্চ, ২০১৯ঃ- এটা জেকেটক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ। প্ৰায় ১০ লাখটকীয়া এটা জেকেটে ভাৰতৰ ৰাজনৈতিক জগতখনত খলকনিৰ তোলাৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াতো প্ৰচণ্ড ধুমুহা অব্যাহত ৰাখিছে। প্ৰাপ্ত তথ্য অনুসৰি, দেশৰ বিত্তীয় প্ৰতিষ্ঠান পঞ্জাৱ নেচনেল বেংকৰ পৰা ১৪ হাজাৰ কোটি টকা হৰলুকি কৰি ভাৰতৰ পৰা পলায়ন …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ মাৰ্চ, ২০১৯ঃ- সমগ্ৰ ভাৰতবাসীৰ বাবে এটা সুখবৰ। কাৰণ স্বদেশলৈ উভতিল ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমান। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে পঞ্জাৱস্থিত ৱাঘা-আটাৰী সীমান্তৰে বায়ুবীৰজনক ভাৰতক প্ৰত্যৰ্পণ কৰে। উল্লেখযোগ্য যে, এক অভিযানৰ সময়ত বিগত বুধবাৰে পাকিস্তান অধিকৃত কাশ্মীৰত আটক হৈছিল ভাৰতীয় বায়ুসেনাৰ অভিনন্দন বৰ্ধমান নামৰ উইং কামাণ্ডাৰজন। এই ঘটনাৰ পাছতেই …